পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হ'ল আমাৰ অৰ্থনীতিৰ ওপৰত আমাৰ নিজৰ নিয়ন্ত্ৰণ আৰু আমাৰ মাটি (যদিও অৱশ্যে দুয়োটা পৰস্পৰ বিচ্ছিন্ন কথা নহয়)— এই দুটা বস্তু আমাৰ হাতত থাকিলে আমি স্বাধীনতাৰ পথত বহুদূৰ অগ্ৰণী। আমি সদায় এই কথাকেই কৈ আহিছোঁ যে বন্দুকতকৈ বাণিজ্য ডাঙৰ অস্ত্ৰ, ‘বাণিজ্যে বসতে লক্ষ্মী’য়েইনহয়, ‘বাণিজ্যে বসতে শক্তি'ও (ইষ্ট ইণ্ডিয়া কোম্পানী, জাপান)। অসমৰ বিভিন্নখন চৰকাৰে বাহিৰা প্ৰতিষ্ঠান আৰু ব্যৱসায়ীক মাটি দিয়েই আছে, বহিৰাগতক মাটি দিয়েই আছে (ভোট আৰু ভেটিৰ বাবে), কথাই-অকথাই চাৰিটা পইচাৰ লোভত আমাৰ মানুহে বহিৰাগতক মাটি বিক্ৰী কৰি কৰি নিজৰ ঠাইতে ভিক্ষাৰী হৈ আহিছে, আৰু ভিক্ষাৰীৰ বাবে ভাত এগৰাহেই ডাঙৰ কথা, ‘স্বাধীনতা’ আকৌ কি বস্তু? আমাৰ বোধেৰে, বহিৰাগতক মাটি বণ্টন দিয়া/বিক্ৰী কৰা বন্ধ কৰা কামটো আলফাৰ শক্তিৰ ভিতৰত, আমাৰ অনুৰোধ, তেওঁলোকে সেইটো কৰক, স্বাধীনচিতীয়া হ’বলৈ অসমীয়া মানুহৰ বেছিদিন নালাগিব। ইতি—

 আলফাৰ সময়-সীমা আছিল ২৮.৭.’৯০, এই চিঠিখন বাতৰি কাকতৰ কাৰ্যালয়ত দিয়া হৈছিল ২৬.৭.৯০ তাৰিখে, প্ৰকাশ নাপালে। —লেখক

৩৬ << চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা