পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
শিক্ষাবিদ বাণীকান্ত কাকতি

 পত্নীৰ মৃত্যুৰ পিছত তেওঁ আৰু সৰহ দিন জীয়াই নেথাকিল। তেওঁ শেষ সময়ত এক ঐশ্বৰিক শক্তি পৃথিৱীত থকা বুলি উমান পাইছিল। সেইয়া ডায়েৰীত লিখিও থৈছিল। কিছুদিনৰ আগতে তেওঁৰ ঘৰত মালী কাম কৰা বিহাৰীজনৰ পত্নীও বিয়োগ হৈছিল। কাকতি দেৱে মালীজনৰ লগত জীৱন মৃত্যুৰ ৰহস্যৰ কথা পাতি বৰ শান্তি পাইছিল।

 ড° বাণীকান্ত কাকতিৰ জীৱনধাৰা উঠি অহা কণ কণ ল'ৰা- ছোৱালিহঁতৰ বাবে এক পথ পদৰ্শক। তেওঁ যে কেৱল পণ্ডিত শিক্ষাবিদ আছিল তেনে নহয়। আনহাতে তেওঁ এজন জাতিৰ হিতৈষীও আছিল। তেওঁৰ দৃষ্টি অসমীয়া জাতি ভাষাটোৰ উন্নতিতে আবদ্ধ নেথাকি তেওঁ অসমৰ মহান পুৰুষসকলৰ ৰচনাবোৰ, শাস্ত্ৰবোৰ হেৰাই যাব নোৱাৰে তাৰ বাবেও সতৰ্ক আছিল। মহাপুৰুষ শঙ্কৰদেৱ মহাপুৰুষ মাধৱদেৱৰ ৰচনাৰাজিৰ বিশেষত্বই তেওঁক মোহিত কৰিছিল। এনেহেন তত্বস্বৰূপ পুথিসমূহ ভাল ব্যাখ্যা হোৱাটো তেও বিচাৰিছেল। তেওঁ বহু পুৰণি পুথি সংগ্ৰহো কৰিছিল। তেনে এখন অমূল্য গ্ৰন্থ ‘কথাগুৰু চৰিত’। এই গ্ৰন্থ তেওঁ তেতিয়াৰ বৰপেটা সত্ৰৰ বুঢ়াভকত চঁতুৰ্ভূজ মিশ্ৰ দেৱৰ পৰা পাইছিল। আন এখনি ভট্টদেৱৰ প্ৰকাশিত সংস্কৃত গ্ৰন্থ ‘শ্ৰীমদ্ভক্তি বিবেক’। এই সকলোবোৰ বিজ্ঞানসন্মত আলোকপাতৰ বাবে তেওঁ চেষ্টা কৰিছিল।

 ড° বাণীকান্তদেৱ আছিল জীৱনক জয় কৰিব পৰা মানুহ। সৰুৰে পৰা তেওঁৰ শৰীৰ আছিল দুৰ্বল। ৰুগীয়া। অভাৱ অনাতনত ডাঙৰ হোৱা। পঢ়া-শুনাৰ বেলিকা পদে পদে সমস্যাত পৰিব লগা হোৱা।