পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৯১
 


তেওঁৰপৰা এই দেশৰ অনেক বিষয় জানিছিল। ইয়াৰ পূৰ্ব্বে স্থানীয় কাৰ্য্যকাৰকসকলৰ আৰু কোনো কোনো বিষয়ত আপীলৰ কাকত পত্ৰৰ দ্বাৰাই মাত্ৰ সেইসকলে আসামৰ সম্বাদ বুজ পাইছিল। দেশীয় কোনো লোকে দেশৰ বিষয় তেনে ডাঙ্গৰ কৰ্ম্মচাৰীৰ আগত জনোৱা নাছিল।

 ফুকনে ১৮৫০ চনৰ জানুৱাৰী আৰু ফ্ৰেব্ৰুৱাৰী মাহৰ সদৰ দেৱানী আদালতৰ নজীৰ ৰোজাৰিও কোম্পানীৰ তাত ছাপাইছিল। তাত অল্প অসুবিধা পাই মাৰ্চ্চ মাহৰ নিষ্পত্তি ব্যাপ্তিষ্ট মিচন প্ৰেচত ছপালে। এতিয়৷ ১৮৫২ চন হল। ৫০ চনৰ নিষ্পত্তি ছাপা হয় মানে পলম হব এতেকে ১৮৫২ চনৰ জানুৱাৰীৰ পৰা নিষ্পত্তি ছাপা কৰিবৰ নিমিত্তে ইচ্ছা কৰিলে। ১৮৫২ চনৰ জানুৱাৰীৰ নিষ্পত্তি ফুকনে অনুবাদ কৰিবলৈ ধৰিলে। তেওঁৰ বন্ুধ মিলিটৰী একাউণ্টেণ্ট অফিচৰ ৰাইটৰ বাবু নবীনচন্দ্ৰ ৰায়ক সেই নজীৰৰ এজেণ্ট নিযুক্ত কৰা হল। ফুকনে জানিলে গবৰ্ণমেণ্টৰ সাহায্য বিনা এই বৃহদ্ব্যাপাৰ সম্পন্ন হোৱা আৰু সাধাৰণত গ্ৰাহ্য হোৱা কঠিন। বিশেষ ছাপাত অনেক ব্যয় আৱশ্যক। যিসকল গ্ৰাহক শ্ৰেণীভুক্ত হল সেই সকলেও যে নিয়মিতৰূপে টকা দি কাৰ্য্যত সহায়তা কৰিব এনে নহয়। এই ভাবি সদৰ আদালতত সাহায্যৰ বিষয় প্ৰাৰ্থনা কৰিলে। সদৰ আদালতৰ জজ চাহাবসকলে এইটো বিবেচনা কৰিলে যে বঙ্গলা অনুবাদৰপৰা বিশেষ লাভজনক উপকাৰ নহব। বৰঞ্চ সম্পূৰ্ণ নিষ্পত্তি অনুবাদ নকৰি নিৰ্ঘণ্ট অনুবাদ কৰিলেই প্ৰচুৰ হব। প্ৰথমে জজ চাহাবসকলে এনেটো আশঙ্কা কৰিছিল যে অসমীয়া মানুহে অসম দেশৰপৰা নিষ্পত্তিৰ বঙ্গলা অনুবাদ কি প্ৰকাৰে ভালকৈ চলাব পাৰিব। ফুকনে এই বিষয় তেওঁবিলাকৰ সন্দেহ ভঞ্জন কৰিলে। তেওঁৰ দ্বাৰাই অনুবাদিত নজীৰ আৰু সেই নজীৰ সাধাৰণৰ ওচৰত কি ৰূপে গৃহীত হৈছে তাৰ নিদৰ্শনেৰে