পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
আনন্দৰাম ঢেকিয়াল
 


তেনে সুবিধাৰ ঘৰ নহয়। তাৰ পাচে কলেজ স্কোয়াৰৰ ওচৰত পঞ্চানন্দটোলা গলিৰ ১২ নম্বৰ এটা বৰ উত্তম একতলা ঘৰলৈ উঠি যোৱা হল। সেই ঠাই অতি নিৰাবিলা আৰু তেঁওৰ বন্ধুসকলৰ ঘৰৰ ওচৰ, সেই কাৰণে সেই ঘৰ লোৱা হল।

 ফুকনে কলিকতা পাই কিছুদিনমান ৰজাৰ কাৰ্য্যতে ব্যস্ত থাকিল। কেৰেয়াৰ গাড়ীত অনেক খৰচ এই বুলি তেঁও এখান গাড়ী আৰু ঘোঁৰা কিনি এটা চহিচ আৰু এটা গাড়ী চলোৱা কোচমান ৰাখিলে। কিছুদিনৰ পাচত পুৱাৰাম আৰু দেবাসিংহ ওলাওঠা ৰোগত মৃত্যু হল। ফুকনে অদ্বৈত নামে এটা বঙ্গালী মানুহক চাকৰ ৰাখে আৰু এটা হিন্দুস্থান দৰওৱান নিযুক্ত কৰে। কলিকতাত সকলো বৰ মানুহৰ ঘৰতে দৰওৱান থাকে। এই দৰৱানবিলাক দুৱৰী। ইহঁতে ঘৰৰ সাৱধানো কৰে। প্ৰসন্নকুমাৰ তাৰ ঘৰলৈ যাব লগীয়া হোৱাত কলিকতাত বস্তু-বেহানি কিনিবলৈ নিমাই চাটুৰ্য্যা নামে এজন লোকক ফুকনে চৰকাৰ নিযুক্ত কৰে।