পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৮৫
 


যাওঁতে ব্লাণ্ড পাদ্ৰী চাহাবে লগ পাই গুণাভিৰামক কলে বোলে ফুকনৰ আগত কবা যেন তেওঁ “তোমাৰ প্ৰতি আনে যেনে ব্যৱহাৰ কৰিবলৈ আশা কৰা, তুমিও তেনে ব্যৱহাৰ আনৰ প্ৰতি কৰা” এই উপদেশ মনত ৰাখে।

 কলিকতালৈ যাবৰ নিমিত্তে সকলো আয়োজন হল। নাও স্থিৰ হল আৰু বোজাই দিয়া হল। ফুকনৰ লগত এই কেইজন মানুহ ওলাল। গুণাভিৰাম, ৰামনাথ আৰু বীৰদত্ত নামে এজন পৰগণীয়া ব্ৰাহ্মণ, পুৱাৰাম আৰু বলৰাম নামে দুজন লগুৱা, প্ৰসন্নকুমাৰ ৰায় নামে এজন বঙ্গালী লোক আৰু বিৰহু বা টেপুৰাম নামে তেওঁৰ এজন লগুৱা। শম্ভু নামে আৰু এটা মানুহ ওলাইছিল সি মাজ বাটৰপৰা থাকিল। ১৮৫১ চনৰ ৪ চেপ্তেম্বৰ তাৰিখে (২১ ভাদ্ৰ) গুৱাহাটীৰপৰা আবেলি নাও মেলি সেই দিনা খানামুখতে থকা হল। বলৰাম ফুকনে শৰীৰৰ উপকাৰৰ নিমিত্তে বায়ু সেবন কৰিছিল৷ এই খানামুখ অতি স্বাস্থ্যকৰ ঠাই, ইয়াৰপৰা গুৱাহাটী দেখি। ইংৰাজসকলে বায়ু সেবন কৰিবলৈ ইয়ালৈ সদাই যায়। এই ঠাইতে পূৰ্ব্ব- কালত আহোমৰ সৈন্যেই মুচলমান আক্ৰমণকাৰীক বুদ্ধিৰ বলেৰে পৰাস্ত কৰিছিল। পাচ দিনা পুৱা খানামুখৰপৰা নাও মেলি অপৰাহ্ন ৫ বজাত গোৱালপাৰা পোৱা হল। তাতে সেইখান নৌকা পৰিবৰ্ত্তন কৰি আন নৌকা লোৱা হল। বিজনীৰ কাৰ্য্যকাৰসকলে সৈতে দুদিন নানা বিষয় আলোচনা কৰি নৌকা মেলি দিয়া হল৷ কেইবা দিনৰ মূৰত চিৰাজগঞ্জৰ বেড়াৰকোনা নামে ঠাইত নাওৰ মাল্লা এজন পৰিবৰ্ত্তন হয়। কলিকতালৈ যাবৰ সময়ত ফুকনে অসমীয়৷ পাগুড়ী আৰু আঙ্গ৷ চোলা আৰু পাটৰ ভঙ্গ৷ চুৰীয়া প্ৰস্তুত কৰাইছিল। চিৰাজগঞ্জত ফুকনে সেই পোচাক পিন্ধি উঠিলত কোনোৱে তেওঁক কেঁঞা কোনোৱে মান্দ্ৰাজী বুলিছিল। তাৰ পাচদিনা নাও মেলি যমুনা ভটীয়াই