পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৬৩
 


 শম্ভুৰাম বৰুৱাৰ পুত্ৰ পৃথুৰাম আৰু গোবিন্দৰাম বৰুৱা আৰু গঙ্গাৰাম বৰুৱাউৰুৱে ফুকনউৰুৰ নামে ভাগ অংশৰ বাবে গোচৰ কৰিছিল। সেই গোচৰ ডিচ্মিচ্ হল। এই ঘটনাৰ পাচত আৰু তেওঁবিলাকৰ বিপক্ষে কোনো ডাঙ্গৰ মোকৰ্দ্দমা নহল। প্ৰথম পত্নীৰ বিয়োগৰ কিছুদিনৰ পাচত বলৰাম ফুকনে কামৰূপৰ নদলাৰ ৰাজমেধীৰ কন্যা বিষ্ণু প্ৰিয়াক বিবাহ কৰালে।

 ৰাজগুৰু ফুকনৰ পাতিদৰঙ্গ পৰগনাত বঙ্গালগাওঁ নামে খাত এখান আছে। তেওঁ তালৈ যোৱাত নৰিয়া পৰি তাতে মৃত্যু হল। তেওঁৰ পত্নীও তাৰ কিছুদিনমানৰ পাচত পৰলোকলৈ গমন কৰিলে। তেওঁবিলাকৰ দুৰ্গাচন্দ্ৰ নামে পুত্ৰ আৰু ব্ৰজ সুন্দৰী নামে কন্যা এটী থাকিল। এওঁবিলাক দুয়ো শিশু। দুৰ্গা- চন্দ্ৰৰ বয়স তেতিয়া ৯ বৎসৰ আৰু ব্ৰজসুন্দৰীৰ বয়স ৪ বছৰ। এই দুটী পিতৃ-মাতৃহীন শিশুক ফুকন আৰু ফুকননীয়ে তেওঁ- বিলাকৰ সমুদায় বস্তুৱে সৈতে ঘৰলৈ আনিলে আৰু জয়মতী নামে এটী বিধৱা ব্ৰাহ্মণী আৰু কণিকী নামে এজনী দাসী সেই দুই শিশুৰ লগত আহিল। এওঁবিলাকৰ লৰা-ছোৱালী নাছিল। দুৰ্গাচন্দ্ৰ আৰু ব্ৰজসুন্দৰী আহিলত একপ্ৰকাৰ সেই অভাৱ গুচিল। ফুকনৰ ঘৰত অতি স্নেহেৰে এই লৰা-ছোৱালী হালি পালিত হবলৈ ধৰিলে। তেওঁবিলাকে পিতৃ-মাতৃৰ বিয়োগ শোক একেবাৰে পাহৰা যেন হল। ৰণৰাম বৰুৱাৰ দুই পত্নীৰ দুটী লৰা। বৰ- জনাৰ লৰাটীৰ নাম গঙ্গাৰাম। সৰুজনাৰ লৰাটীৰ নাম গুণাভিৰাম। গঙ্গাৰামৰ নামে বনগাওঁ নামে কামৰূপৰ এখান দ্বাৰ বা মৌজা আছিল। তেওঁ স্কুল পৰিত্যাগ কৰি সেই মৌজাৰ কৰ্ম্ম কৰিছিল। পাচে তাক এৰি ফৌজদাৰীৰ নাজীৰৰ বক্সী কৰ্ম্মত নিযুক্ত হল। গুণাভিৰামে স্কুলতে ইংৰাজী পঢ়িছিল। বলৰাম ফুকনৰ প্ৰথম বিবাহৰ সময়ত তেওঁক গঙ্গাৰামে লগুন দিয়ে। এই দুয়ো জনা