পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিক্ষাবিদ বাণীকান্ত কাকতি

আহি পৰিছিল। পিছে তেতিয়াৰ অসম চৰকাৰৰ শিক্ষাধিকাৰ (D.P.I.) জে আৰ কানিংহাম চাহাবে ড° কাকতিক ব্যক্তিগত ভাৱে শিক্ষা খৰচ আগবঢ়ায় বৰ উপকাৰ কৰে। কাকতিয়ে তেওঁৰ পৰা পিতৃস্নেহ পায় বুলি প্ৰায়ে প্ৰকাশ কৰিছিল। অকল তেওঁক পঢ়া খৰচেই নহয় তেওঁৰ স্বাস্থ্যৰ প্ৰতি চকু দিবলৈ ঘৰুৱা সমস্যাত আগভাগ লোৱা আৰু বিপদত সহায় কৰিবলৈ সাজু আছিল, নানা দিহা পৰামৰ্শৰে সদায় বাণীকান্ত কাকতিক আবৰি সামৰি ৰাখিছিল।

 এম. এ. পাছ কৰাৰ পিছত বাণীকান্ত কাকতিয়ে ১৯১৮ চনৰ ১৬ নবেম্বৰত কটন কলেজত ইংৰাজী অধ্যাপক হিচাবে যোগদান কৰেহি।

 পঢ়ি থকা কালতে বাণীকান্ত কাকতিক মাতৃ দেৱীয়ে ককায়েক পৰমানন্দ কাকতিৰ লগত আলোচনা কৰি বিবাহ কৰায় দিয়ে। কন্যা আছিল বৰপেটাৰ চিৰস্তদাৰৰ পুত্ৰী কনকলতা আইদেউ। তেওঁৰ বয়স আছিল ষোল্ল বছৰ। শিক্ষা আছিল কেৱল প্ৰাইমাৰী পাছ। কিন্তু অমায়িক নম্ৰ চৰিত্ৰৰ পত্নী গৰাকীয়ে বাণীকান্ত কাকতিৰ সমস্ত পৰিয়ালক নিষ্ঠাৰে সেৱা আগবঢ়ায়। তেওঁ আছিল দূৰদৰ্শী, ধৈৰ্য্যশীলা আৰু দায়িত্বশীলা। কোনো কথাৰে আপত্তি নাছিল। বৰঞ্চ বাণীকান্ত কাকতিৰ পঢ়া-শুনা, সাহিত্য চৰ্চ্চাত যাতে কোনো প্ৰকাৰে বাধা হ'ব নোৱাৰে তাৰ প্ৰতি সদায় সতৰ্ক হৈ আছিল।

 কটন কলেজৰ চাকৰিত যোগদান কৰাৰ পিছত তেওঁ সপৰিয়ালে কলেজৰ ওচৰৰ ভাড়া ঘৰ এটিলৈ আহে। বাণীকান্তৰ জন্ম ঠাই