পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিক্ষাবিদ বাণীকান্ত কাকতি

অঙ্কৰ সৰ্বোচ্চ নম্বৰ পাই ‘বৰাত মেম'ৰিয়েল’ পুৰস্কাৰ পায়।

 অসমীয়া ল'ৰা হিচাবে এই সফলতাই চাৰিওফালে আলোড়নৰ সৃষ্টি কৰিছিল।

 ১৯১৩ চনত ড° কাকতিয়ে কলিকতাৰ প্ৰখ্যাত প্ৰেচীডেন্সী কলেজৰ বি. এ. ত নাম লগায়। ইংৰাজী বিষয়ত তেওঁ অনাৰ্চ লৈছিল সেই প্ৰেচীডেন্সী কলেজত প্ৰখ্যাত শিক্ষাবিদ সকলে শিক্ষাদান কৰিছিল। তেনে কলেজত পঢ়িবলৈ পাই ভাগ্যৰ দুৱাৰ মুকলি কৰি তেওঁ নিজকে ধন্য মানিছিল।

 ১৯১৫ চনত ইংৰাজী অনাৰ্চত ২য় শ্ৰেণীৰ ৪ৰ্থ স্থানলৈ তেওঁ বি এ. পাছ কৰে। অনাৰ্চত সৰ্বোচ্চ নম্বৰ পোৱা বাবে ‘টৱনী মেমোৰিয়েল মেডেলেৰে’ সন্মানিত হয়। এই কলেজতে কৃষ্ণকান্ত সন্দিকৈ যিজন অসমৰ এজন শিক্ষাবিদ তেৱো পঢ়িছিল আৰু বাণীকান্ত কাকতিৰ লগত বন্ধুত্ব আছিল। কলেজৰ ভাইচ্ চেঞ্চেলাৰ চাৰ আশুতোষ মুৰ্খাজিয়ে ড° কাকতিক বৰ স্নেহ কৰিছিল আৰু পঢ়া-শুনাত উৎসাহ দিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ লগতো এসময়ত তেওঁৰ চিনাকি হয়। তদুপৰি কলিকতাত থকা অম্বিকা নাথ, জ্ঞান নাথ, যতীন্দ্ৰ নাথ দুৱৰা, হেৰম্ব প্ৰসাদ বৰুৱাও আছিল তেওঁৰ ঘনিষ্ঠ বন্ধু। এখেত সকলো পিছত বিশিষ্ট সাহিত্যিক, চিন্তাবিদ আৰু অসম সাহিত্যৰ সভাপতি আদি হৈছিলগৈ।

 এম. এ. পঢ়িবলৈ লোৱাত বাণীকান্ত কাকতিৰ আৰ্থিক সমস্যা