পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
শিক্ষাবিদ বাণীকান্ত কাকতি

 ভগৱানৰ প্ৰতি তেওঁৰ গভীৰ বিশ্বাস আছিল। তেওঁ জ্যোতিষ শাস্ত্ৰজ্ঞান আছিল আৰু জ্যোতিষ শাস্ত্ৰৰ ওপৰত আস্থা আছিল। তেওঁ এনে এজন পুৰুষ আছিল— ছাত্ৰ-ছাত্ৰীসকলে ‘জীৱনৰ লক্ষ্য’ ৰচনাখন ‘বাণীকান্ত কাকতিৰ দৰে হম' বুলি পৰীক্ষাগৃহত লিখিছিল। ড° কাকতিদেৱে অসমীয়া ভাষাতো ভুলকৈ লিখিলে বৰ বেয়া পাইছিল। দেশবিভাজনৰ সময়ত অসমত ভগনীয়া আহি সোমোৱা দেখি, সেই ভগনীয়াক থলুৱাতকৈ চৰকাৰে বেচি সা-সুবিধা প্ৰদান কৰাত দুখত ভাগি পৰি ভাবিছিল ‘অসমীয়া জাতিতো হয়তো এটা শ্ৰেণীতহে ৰবগৈ।’ সেয়ে উঠি অহা ল’ৰা-ছোৱালীসকলৰ ওপৰত বৰ ভৰষা কৰিছিল যাতে অসমীয়া জাতিক সদায় সৱল জাতি কৰি যাবলৈ চেষ্টা কৰি থাকে।

 ড° বাণীকান্ত কাকতিদেৱৰ এটা অভ্যাস আছিল— গুৰ গুৰি খোৱা৷ চিলিমত হোঁপা দি তেওঁ ভাৱৰ সাগৰত যেন ডুব যাবলৈ ভাল পাইছিল। তামোল খোৱাটোও আছিল দৈনন্দিন অভ্যাস। সেয়ে তেওঁৰ চকীৰ কাষত তামোল-পাণৰ বটাটি সজাই থোৱা থাকেই। তেওঁ আছিল শান্তিপ্ৰিয়। নিৰ্জনতা বৰ ভাল পাইছিল। সেইবাবে গধুলি গধুলি অকলশৰে তেওঁ নিৰ্জন ঠাইত আপোন মনে ঘূৰি ফুৰি মনলৈ শান্তি ভাৱ আনিছিল।

 তেওঁৰ পত্নীও আছিল বৰ সাত্বিক। ১৯৫২ চনৰ চেপ্তেম্বৰ মাহত এইগৰাকীৰ মৃত্যুৰ পিছত ড° কাকতিদেৱ শোকত ভাগি পৰে। পত্নীবিয়োগৰ পিছৰ পৰাই তেওঁ আত্মাবিষয়ৰ জ্ঞানৰ প্ৰতি ধাউতি বেছি হয়। তেওঁ নানা শাস্ত্ৰ অধ্যয়ন কৰিবলৈ লয়।