পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
শিক্ষাবিদ বাণীকান্ত কাকতি

পুৰণি পষেকীয়া আলোচনী ‘জয়ন্তী’ত ড° কাকতিৰ পুৰণি অসমৰ আৰ্য্য-অনাৰ্য্য, শিৱ-শাক্ত, বৈষ্ণৱ আদি ধৰ্মৰ বহুতো প্ৰৱন্ধ প্ৰকাশ হৈছিল। এই প্ৰৱন্ধবোৰ সামৰি উক্ত পুথিখন ইংৰাজীত লিখি প্ৰকাশ কৰা হয় পুথি আকাৰে।

 সেইদৰে লোক কথা অধ্যয়নেৰে ‘বিষ্ণু ইট’ মাইথ এণ্ড লিজেণ্ড’ (Vishnu its Myth and Legends) নামৰ এখনি পুথি প্ৰকাশ কৰে তেওঁৰ গুণমুগ্ধ ছাত্ৰসকলে।

 ‘ডি লাইফ এণ্ড টিচিং অফ শংকৰদেৱ’(The life and teach- ing of Sankardev) এখন শংকৰদেৱৰ ধৰ্মপ্ৰচাৰ, মূলনীতি, ভক্তিধৰ্ম লৈ লিখা অমূল্য গ্ৰন্থ।

 ‘কলিতা জাতিৰ ইতিবৃত্ত’ তেওঁ আন এখন পুথি। ১৯৪৩ চনত পুথিখন প্ৰকাশ হয়।

 ‘পুৰণি কামৰূপ ধৰ্মৰ ধাৰা-'এখন বৰ জানিবলগীয়া কথাৰে পূৰ্ণ পুথি। ১৯৫৫ চনত এইখন প্ৰকাশ হয়।

 ‘পুৰণি অসমীয়া সাহিত্য’ ‘সাহিত্য আৰু প্ৰেম’ ‘নতুন অসমীয়া সাহিত্য’ আনকেইখনি তেখেতৰ অমূল্য গ্ৰন্থ। তেওঁ শিশুৰ মানসিকতাৰ ওপৰত লিখা একমাত্ৰ শিশু পুথিখনি হ’ল ‘পখিলা’।

 তদুপৰি তেওঁ অন্য বহু তত্বমূলক প্ৰৱন্ধ লিখি গৈছে। সেইবোৰ