পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
শিক্ষাবিদ বাণীকান্ত কাকতি

ড° কাকতিৰ এই পুথিখনৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁ বুজি পায় অসমীয়া এক স্বতন্ত্ৰ ভাষা। এই ভাষাৰ বাবেই তেওঁ তেতিয়াৰ অবিভক্ত গোৱালপাৰা জিলাখন অসমৰ সীমা নিৰ্দ্ধাৰণৰ সময়ত অসমৰ লগত থকাৰ বাবে ভাবিবলৈ দাবী জনায়। কমিচনাৰেও মানিবলৈ বাধ্য হয়।

 ড° কাকতিক অসম চৰকাৰে শিক্ষাধিকাৰ (D.PI.) ৰ পদটি যাচিছিল কিন্তু তেওঁ গ্ৰহণ নকৰিলে। সেইসময়ত অধিষ্ঠিত ৰাজনৈতিক দলেও তেওঁক গুৱাহাটীৰ বিধান' সভাত সমষ্ঠিৰ পৰা ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰাৰ্থী হিচাবে বিচাৰিছিল। তেওঁ সেইয়াও নাকচ কৰে। কাৰণ অধ্যয়ন আৰু অধ্যাপনাই তেওঁৰ জীৱনৰ পণ আছিল।

 ১৯৪৯ চনত ড° কাকতিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা-বিভাগৰ কলাগুৰু হিচাবে নিয়োজিত কৰে। ‘কলাগুৰু’ পদ শুৱনী কৰি তেওঁৰ ব্যক্তিত্ব আৰু জ্ঞানৰ সন্মান উজ্জ্বলহৈ ৰয়।

 বিশ্ববিদ্যালয়ত থকা কালত অসমীয়া ভাষা আৰু সাহিত্যৰ ওপৰত নিষ্ঠাৰে গৱেষণা কৰাত আত্ম নিয়োগ কৰে, ড° মহেশ্বৰ নেওঁগ, ড° সত্যেন্দ্ৰ নাথ শৰ্মা, ড° প্ৰফুল্ল দত্ত গোস্বামী আদি কীৰ্তিবান ছাত্ৰক লৈ তেওঁ এই মহৎ কামত আগবাঢ়ে। অসমীয়া ভাষাৰ অনুসন্ধানমূলক কামবোৰত ড° কাকতিক শিক্ষাবিদ ড° বিৰিঞ্চি কুমাৰ বৰুৱাই বৰ সহায় কৰিছিল।

 আনহাতে ড° কাকতিয়ে ভাইছ চেঞ্চেলৰ ড° কৃষ্ণকান্ত সন্দিকৈ, মুখ্য-ন্যায়ধীশ এছ. কে দত্তকে ধৰি- মুখ্য ব্যক্তিসকলৰ লগলৈ গুৱাহাটী