পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
আনন্দৰাম ঢেকিয়াল
 


হবা। দেশৰ সকলে৷ সম্ভ্ৰান্ত লোকে সৈতে সদ্ব্যৱহাৰেৰে কথা বাৰ্ত্তা কবা। দুখীয়া মানুহবিলাকক শাস্তি দিওঁতে আৰু সিহঁতে সৈতে ব্যৱহাৰ কৰোঁতে সিহঁতে নজনা বুলি ক্ষমা কৰিবা।” এই চিঠি পাই ফুকন সকৃতজ্ঞচিত্তে মেথী চাহাবলৈ এখান চিঠি লিখে।

 ফুকনে এই কৰ্ম্ম প্ৰাপ্ত হলত আসাম কায়দাবন্দী অনুসাৰে ছমাহ ফাটক দিব পৰা আৰু ২০০, টকা জৰিমনা কৰিব পৰা ক্ষমতা হল। অল্প পাচতে তেওঁ ১৮৩৩ চনৰ ৯ আইনমতে ডেপুটী কালেক্টৰৰ ক্ষমতা পালে। এই পদত আনন্দৰাম ফুকন নিযুক্ত হোৱাত দেশৰ অনেক লোকে সন্তোষ পাইছিল। অতি অল্প সংখ্যক লোকেই বেয়া পাইছিল। তেওঁ যদি মুনচিফ বা সদৰ আমীন হলহেতেঁন এই অল্প পৰিমাণ লোকৰো অসন্তোষৰ কাৰণ নাছিল। কিন্তু কৰ্ম্মানুৰোধে তেওঁ চবএচিষ্টেণ্ট কমিচনৰ হল। তেতিয়া ইংৰাজ বা ইউৰেচীয়ান চাহাব মাত্ৰ এই পদত আছিল। এইসকলক সাধাৰণে ছোট চাহাব, প্ৰধান এচিষ্টেণ্ট- সকলক বৰ চাহাব আৰু জুনিয়ৰ চাহাব বুলিছিল। যেনে তেনে দেশীয় লোক হওক চাহাবসকলৰ আগলৈ গলে প্ৰায় এতিয়াৰ দৰে বাহিৰত জোতা থৈ যাব লাগে আৰু দীঘলকৈ চেলাম কৰি আগত থিয় দি থাকিব লাগে। তেতিয়াৰ দেশীয় হাকীম- সকলেও চাহাবসকলৰ ওচৰলৈ গল বাহিৰত জোতা থৈ যায় আৰু প্ৰায় দীঘল চেলাম কৰিছিল। ফুকন ছোট চাহাব তলত ফুকনকো সেইৰূপ ব্যৱহাৰ কৰিব লাগিব আৰু কেনেকৈ নো চিৰকাল চাহাবক চেলাম কৰা আৰু বৰ সম্ভ্ৰম কৰা লোক সকলে দেশীয় এজনক তেনে ব্যৱহাৰ কৰিব এইটোকে মৰণান্তিক পায় কিছুমানে বেয়া পাইছিল। শুনা গৈছে বোলে উজনীৰ কোনো এক জিলাৰ কোনো এজনা দেশীয় ইংৰাজ ছোট চাহাবে কোনো এজনা চিৰস্তাদাৰৰ আগত কলে যে “আনন্দৰাম ফুকন