আনন্দৰাম ফুকনে প্ৰথমে কাছাৰীলৈ যাওঁতে পাজাম৷, চাপকান
বা কাবা আৰু আমামা পাগুৰি পিন্ধিছিল, নগাঁওলৈ পাচৰবাৰ
আহি কাছাৰীলৈ অসমীয়া পোচাক পিন্ধি গৈছিল। অৰ্থাৎ ভঙ্গা
পাটৰ চুৰীয়া, আঙ্গা চোলা আৰু অসমীয়৷ টোকনীয়া পাগুৰী
পিন্ধিছিল। পুৱা গধূলি ফুৰোতে আৰু ঘৰত থাকোতে পাজামা-
চাপকান ব্যৱহাৰ কৰিছিল৷ আৰু বাহিৰলৈ গলে টুপী পিন্ধি-
ছিল। তেওঁ সদাই জোতা-মোজা ব্যৱহাৰ কৰিছিল। স্নানৰ
সময় ধুতী পিন্ধিছিল। স্নানান্তে ৰঙ্গা পাটৰ চুৰীয়া আৰু নামাৱলী
বা আন নোমৰ কাপোৰ অথবা চেলীৰ কাপোৰ পিন্ধিছিল, ৰাত্ৰি
আহাৰৰ পূৰ্ব্বে ধুতী পিন্ধি পুৱালৈকে আছিল। ফ্লালেনৰ কূৰ্ত্তা
কেৱল পূজাৰ সময় মাত্ৰ পৰিত্যাগ কৰিছিল। স্নানৰ পূৰ্ব্বে
আৰু স্নানান্তে আহাৰৰ পাছে কাপোৰ সলোৱা পৰ্য্যন্ত খৰম
ব্যৱহাৰ কৰিছিল।
তেওঁ লেখা-পঢ়া কৰা ঠাইত ওচৰতে পীড়া এখান থাকে আৰু গলিচা পৰ৷ থাকে। সেই সময়ত যাৰে সৈতে সাক্ষাৎ কৰিব লাগে সি যোগ্যানুৰূপে আসন পায়। দেশীয় কোনো সম্ভ্ৰান্ত লোকে আহিলে যদি সেই ঠাইত অভ্যৰ্থনা কৰিব নোখোজে তেনেহলে তাৰ কিছু দূৰৈত দেশীয় নিয়মে ঢলা বিছনা আৰু গাৰু থাকে তাত বহে। আন এখোটালিত মেজ মাচিয়া কৌচ থাকে আৰু তাত নানাবিধ ছবি ইত্যাদি থাকে। ইংৰাজ লোকে সৈতে তাতে সাক্ষাৎ কৰে, যি ঠাইত কাপোৰ সলাই তাতো এখান বিছন৷ থাকে কেতিয়াবা তাতো আৰু কেতিয়াবা ভিতৰতো আৰাম কৰা বুলিলে শুই কিতাপ বা সংবাদ কাগজ পঢ়া। কেতিয়াবা তাকে কৰোতে অলপ নিদ্ৰা বা তন্দ্ৰা হয়।
ফুকন নিচেই বিলাসী নাছিল। সুখ স্বচ্ছন্দে থাকিলেই তেওঁৰ সন্তোষ আছিল, গুৱাহাটীৰ ঘৰবিলাক জীৰ্ণ হৈ যোৱাত তেওঁ তাত নকৈ পকাঘৰ সজাবলৈ ইচ্ছা কৰি মৃত্যুৰ কিছুদিন