পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৭৭
 


এপ্ৰেল মাহত পৰশুৰাম বৰুৱাৰ বিধৱা বিষ্ণুপ্ৰিয়াদেৱীক তেওঁ বিবাহ কৰায়। ১৮৭১ চনত তেওঁ নগাঁৱলৈ বদলি হৈ আহি এতিয়ালৈকে ইয়াতে আছে। এই বিবাহৰ পাচত ১৮৭১ চনৰ ফেব্ৰুৱাৰীত স্বৰ্ণলতা নামে তেওঁৰ এটি কন্যা, ১৮৭৪ চনৰ ২ জুনত কৰুণাভিৰাম নামে এটি পুত্ৰ আৰু ১৮৭৮ চনৰ ১৪ মাৰ্চ্চত কমলাভিৰাম নামে এটি পুত্ৰ জন্মে। ১৮৭২ চনত সত্যাভিৰাম নামে তেওঁৰ যি এটি পুত্ৰ জন্মে সেইটি ১৮৭৩ চনৰ মাৰ্চ্চত নগাঁৱতে মৃত্যু হয়। স্বৰ্ণলতা এতিয়া কলিকতাৰ বেথুন কলেজত থাকি শিক্ষা কৰিব লাগিছে৷ গুণাভিৰামৰ এই বিবাহ ১৮৭২ চনৰ ৩ আইন মতে সেই চনৰ ডিচেম্বৰত ৰেজিষ্টৰি হয়। ১৮৮০ চনৰ ১৯ আগষ্টত গুণাভিৰামৰ জ্ঞানদাভিৰাম নামে পুত্ৰ জন্মে।

 আনন্দৰাম ফুকনৰ বিমাতা ১৮৬৬ চনত মৃত্যু হয়। তেওঁৰ ভগিনী তুলসীদেবী তেওঁৰ স্বামী জখলাবন্ধা সত্ৰৰ অধিকাৰী ৰঘুদেৱ গোস্বামীয়ে সৈতে আছে। এওঁবিলাকৰ এতিয়া চন্দ্ৰহাস, ঘনহাস, গুণহাস নামে তিনটি পুত্ৰ আৰু সাবিত্ৰী, সুভদ্ৰা আৰু হৰিপ্ৰিয়া নামে তিনটি কন্যা আছে। সাবিত্ৰী আৰু সুভদ্ৰাৰ বিবাহ হৈছে। এওঁ বিলাকৰ পুত্ৰ পদ্মহাস আৰু তাৰাহাস মৃত্যু হৈছে। চন্দ্ৰহাসে বিবাহ কৰাইছে। জগচ্চন্দ্ৰ নামে এটি পুত্ৰ হৈছে।

 পদ্মাৱতীৰ চাৰিপুত্ৰ আৰু দুটি কন্যা জন্মিছে। তাৰে নবকুমাৰ, চন্দ্ৰকুমাৰ আৰু শৰৎকুমাৰ নামে পুত্ৰ মৃত্যু হৈছে। প্ৰসন্ন কুমাৰ নামে পুত্ৰ আৰু হেমাঙ্গিনী আৰু সৰোজিনী নামে দুটি কন্যা আছে। নন্দীশ্বৰ ফুকনে এতিয়া নগাঁৱৰ ৰাজস্ব বিভাগৰ চুপেৰিণ্টেণ্ডেণ্ট কৰ্ম্ম কৰি সপৰিবাৰে নগাঁৱত আছে।

 অন্নদাৰাম ১৮৭১ চনৰ চেপ্টেম্বৰ মাহত ককিকতালৈ যায়, তাৰ পৰা ১৮৭৪ চনত আহে। তেওঁ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ নহল। তাৰপৰা আহি ১৮৭৫ চনৰ আগষ্টত পূৰ্ণানন্দ বৰুৱাৰ জ্যেষ্ঠা কন্যা গোলাপী বা গোলোকেশ্বৰীক বিবাহ কৰে। ১৮৭৮