পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৭৫
 


আৰু বলৰাম ফুকনে যজ্ঞোপবীত দান কৰে। ইয়াৰ পূৰ্ব্বে নগাঁৱৰ ঘৰ আৰু মাটি চিঙ্গেৰ চাহাবৰ তাত বিক্ৰয় কৰা হয়। গুণাভিৰামৰ পত্নী ব্ৰজসুন্দৰীৰ কেইবাটাও মৃত সন্তান জন্মে। ১৮৬৭ চনৰ জুলাই মাহত তেওঁ ধুবুৰীলৈ বদলি হোৱাত ব্ৰজ- সুন্দৰীক নগাঁৱত থৈ যায়। ব্ৰজসুন্দৰীয়ে মৃত সন্তান জন্মাই নগাঁৱত সেই মাহতে পৰলোকলৈ গমন কৰে। পদ্মাৱতীক বিবাহ কৰাই নন্দীশ্বৰ কলিকতালৈ যায়। তাৰপৰা ১৮৬৬ চনৰ আদিতে দেশলৈ আহে। ১৮৬৭ চনৰ বৰ্ষাত পদ্মাৱতীক শান্তি বিবাহ কৰাই নন্দীশ্বৰে তেওঁৰ কৰ্ম্মস্থান তেজপুৰলৈ যায়।

 ১৮৬৭ চনৰ ডিচেম্বৰত মাহিন্দ্ৰী দেব্যা ফুকননীয়ে মানৱলীলা সম্বৰণ কৰে। লৰা দুটি অনাথ হৈ ঘৰতে থাকে। আৰু অনেক বহুমূল্য অলঙ্কাৰাদি সেই অৱসৰতে অপহৃত হয়। ১৮৬৮ চনৰ আদিতে সস্ত্ৰীক নন্দীশ্বৰ ফুকন গুৱাহাটীলৈ আহি লৰাহতঁৰ তত্ত্বাবধাৰণ কৰি থাকে। মাহিন্দ্ৰী ফুকননীৰ বুদ্ধি তীক্ষ্ণ আছিল। তেওঁ গৃহকাৰ্য্য ভালকৈ চলাব পাৰিছিল। তেওঁ বৰ দয়ালু আছিল। তেওঁৰ সময়ত তেওঁ এই দেশৰ অগ্ৰগণ্যা শিক্ষিতা ভদ্ৰ ভদ্ৰাঙ্গনা আছিল। ১৮৬৯ চনৰ জানুৱাৰীত যেতিয়া বৰ ভূমিকম্প হৈছিল তাৰ কিছুদিনমান পাছতে অন্নদাৰামৰ উপনয়ন হয় আৰু ৰাধিকামোহন ৰামে যজ্ঞোপবীত দিয়ে। ১৮৭০ চনৰ প্ৰবেশিকা পৰীক্ষাত ৰাধিকা দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হৈ ১৮৭১ চনৰ আদিতে কলিকতালৈ যায়। তাত ১৮৭২ চনৰ ফাষ্ট আৰ্টচ্ পৰীক্ষাত তেওঁ অকৃতকাৰ্য্য হৈ দেশলৈ ঘূৰি আহে। কিন্তু ঘূৰি আকৌ কলিকতালৈ গৈ তাৰপৰা ১৮৭৩ চনৰ ১৭ জুনৰ দিনা ব্যবস্থা শাস্ত্ৰাদি শিক্ষা কৰিবলৈ ইংলণ্ডলৈ গমন কৰে।

 বলৰাম ফুকনে ১৭৮২ শকৰ ফাগুনত জামুগুৰীৰ জখলাবন্ধা গোস্বামীৰ কন্যা বিবাহ কৰায়। ১৭৮৩ শকৰ কাৰ্ত্তিকত তেওঁৰ