পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৭১
 


সৈতে আলাপ কৰি তেওঁৰ সেই মত আৰু দৃঢ় হল। তেওঁ লেখিছিল যে প্ৰাচীন ৰীতি পৰিত্যাগ কৰা আৰু খ্ৰীষ্টীয়ান ধৰ্ম্মৰ প্ৰতি মন মেলা অনাৱশ্যক। ৰোগ শয্যাত পৰি থাকোতেও তেওঁ কৈছিল বোলে লোকে তেওঁক খীষ্টীয়ান বুলিব পাৰে, কিন্তু তেওঁ খ্ৰীষ্টীয়ান নহয়। তেওঁ ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰে। অনেক সময়ত কোনো কোনো বিশেষ ঘটনাত তেওঁ ঈশ্বৰ আৰু মৃত্যুৰ নৈকট্য আৰু ধৰ্ম্ম চিন্তাৰ প্ৰতি প্ৰতিজ্ঞা দৃঢ়কৈ কৰিছিল। তেওঁ “ঈশ্বৰৰ ইচ্ছাত” এই কথা সদাই কৈছিল; অনেক ঘটনাৰ পাচত তেওঁ ঈশ্বৰৰ প্ৰতি আত্মসমৰ্পণ কৰিছিল। তেওঁৰ সময় জ্ঞান অতি উৎকৃষ্ট আছিল। যেতিয়া যি কৰিব লাগে তাক সদাই কৰিছিল। তেওঁৰ জীৱনৰ প্ৰাত্যহিক ঘটনাবিলাক এটি দৈনিক বহীত লেখিছিল আৰু সেইবিলাক সময়ে সময়ে চাই তেওঁৰ উন্নতি অৱনতি জানিছিল। তেওঁৰ দৈনিক বহীত এইকেইটি প্ৰাতঃ-স্মৰণীয় বিষয় লিখিত আছে।

 ১৷ পৰিমিতাচাৰি হোৱা, তোমাৰ জিহ্বাক দমন কৰা, বহু জীয়াই থাকিবা।

 ২। পুৱা-গধূলি শাৰীৰিক শ্ৰম কৰিবা।

 ৩৷ যি কাৰ্য্য তুমি কৰিব খোজা তাক পলম নকৰিবা। পঢ়া কৰ্ম্ম কৰা, লেখা, চিঠি লেখা ইত্যাদি।

 ৪৷ কিমান শীঘ্ৰে তোমাৰ সময় যাব লাগিছে তাক স্মৰণ কৰা। তাৰ সদ্ব্যবহাৰ কৰা, অকাৰণ সময় নষ্ট নকৰিবা।

 ১৷ সুবিধা নহলে আৰু সংসাৰত সুখে থাকিব পৰা নহলে ধৰ্ম্ম জীৱন আৰম্ভ কৰিবলৈ পলম কৰা বলিয়ালি মাত্ৰ। আমাৰ এইৰূপে দিন যায় কিজানি অলপ কেইদিনমান মাত্ৰ বাকী আছে।

 ২। কৰ্ম্মৰ বাহুল্যতাই ঈশ্বৰ সেৱাৰ প্ৰতি হস্তক্ষেপ কৰিব নিদিবা। আন সকলো কথাক ঈশ্বৰোপাসনায় ঘটুৱাব দিয়া।