তেওঁ নিজে নথী চাই আৰু বুজি কাৰ্য্য কৰাত আন লোকৰ
সাহায্য তেওঁৰ আৱশ্যক নাছিল। কোনো এটি মোকৰ্দ্দমাত
নগাঁওত তেওঁৰ এজন কুটুম্বকে তেওঁ কয়েদৰ আজ্ঞা দিছিল।
তেওঁৰ শাস্তি প্ৰায় বৰ কঠিন নাছিল। নজনা বুলি লোকসকলক
‘ক্ষমা কৰি লঘু শাস্তি' দিছিল। তেওঁৰ এইটো মত আছিল
যে, যি শাস্তিলৈ ভয় কৰে সি অলপ শাস্তিৰেই সংশোধিত
হব আৰু যাৰ নাই তাক অধিক শাস্তি কৰিলেও উপকাৰ নহয়।
বিদ্যা শিক্ষাৰ প্ৰতি ফুকনে বৰ উৎসাহ দিছিল। স্কুল সংস্থাপনৰ বিষয়ে বৰ উদ্যোগ কৰিছিল। তেতিয়া নগাঁওত ইংৰাজী স্কুল নাছিল সেই কাৰণে তেওঁৰ নিজৰ ঘৰতে এটি ইংৰাজী স্কুল পতাইছিল। তাতে এজন শিক্ষকে প্ৰতিদিনে পুৱা গধূলা ছাত্ৰসকলক শিক্ষা দিছিল। গুণাভিৰাম কলিকতাৰ পৰা অহাত ফুকনৰ উৎসাহতে জ্ঞান-প্ৰদায়িণী নামে এটি সাপ্তাহিক সমাজ পাতিছিল। সপ্তাহে সপ্তাহে দেশীয় কিছুমান ভদ্ৰলোক গৈ নানাবিধ আলোচনা কৰিছিল। স্ত্ৰী শিক্ষাৰ প্ৰতি তেওঁৰ বৰ শ্ৰদ্ধা আছিল, নিজৰ পত্নীক নিজেই শিক্ষা দিছিল আৰু নিজৰ কন্য৷ পদ্মাৱতীক পঞ্চম বৰ্ষত বিদ্যাৰম্ভ কৰিছিল। স্ত্ৰী পুৰুষ উভয়ে মনুষ্য, এতেকে স্ত্ৰীবিলাক অশিক্ষিতা থাকিলে পুৰুষ অৰ্দ্ধাঙ্গী ৰোগাক্ৰান্তৰ দৰে থাকে এইটি তেওঁৰ মত। স্ত্ৰী-স্বাধীনতাৰে৷ তেওঁ পক্ষপাতী আছিল। উপযুক্ত শিক্ষিতা হলে স্ত্ৰীক স্বাধীনতা দিয়া বেয়া নহয় এইটো তেওঁৰ বিশ্বাস আছিল।
তেওঁ দান-দক্ষিণা কৰিছিল হয় কিন্তু অপৰিমিত ব্যয়ী নাছিল। তেওঁ ধৰ্ম্ম কাৰ্য্য, গুৰুদান, সন্তানৰ বিদ্যা শিক্ষা, পৰিবাৰৰ ভৰণ-পোষণ ইত্যাদি বেলেগ বেলেগ তহবীল কৰিছিল। সেই সেই মূল ধনৰপৰা সেই সেই কাৰ্য্য কৰিছিল। তেওঁ মৃত্যুৰ সময়ত তেওঁৰ পৰিবাৰৰ নিমিত্তে ৮,৫০০ টকাৰ কোম্পানিৰ