পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
আনন্দৰাম ঢেকিয়াল
 


মুচলমান, খ্ৰীষ্টীয়ান সকলোকে তেওঁ সমানৰূপে দেখিছিল; ধৰ্ম্ম বিশ্বাসৰ কাৰণে কাৰো প্ৰতি তেওঁ বিৰক্ত নহৈছিল। বৰঞ্চ যেইয়ে যি ধৰ্ম্ম বিশ্বাস কৰে সেইয়ে সেই ধৰ্ম্ম অনুসাৰে কাৰ্য্য কৰিলে তেওঁ বৰ ভাল পাইছিল। তেওঁ ভণ্ডামি বৰ ঘৃণা কৰিছিল। কলিকতাত থাকোতে তেওঁৰ কোনো এজন বন্ধুৱে লুকাই লুকাই মদ খোৱা দেখি তেওঁ আশ্চৰ্য্য আৰু চমৎকৃত হৈছিল। তেওঁৰ চৰিত্ৰ সাধু আৰু নিৰ্ম্মল আছিল। তেওঁ ব্যভিচাৰক বৰ ঘৃণা কৰিছিল। কলিকতাত তেওঁৰ কোনো এজন বন্ধুৱে ব্যভিচাৰত পাপ নাই এই কথা কোৱাত তেওঁ বৰ দুখিত আৰু আশ্চৰ্য্য হৈছিল। তেওঁক প্ৰশংসা কৰিলে তেওঁ বৰ লজ্জিত হৈছিল আৰু তেওঁ কাৰো নিন্দা ব্যাখ্যা নকৰিছিল।

 তেওঁৰ প্ৰশস্ত মনত অনেক আদি ভাব উৎপত্তি হৈছিল। সদৰ আদালতৰ নিষ্পত্তি আৰু ব্যৱস্থা সংগ্ৰহ বিষয়ে তেওঁৰ মনত যি ভাব সেইটো প্ৰথম ভাব, পূৰ্ব্বে কাৰো তেনে ভাব আছিল ইয়াক আমি জানিব পৰা নাই। অশ্লীলতা তেওঁ বৰ ঘৃণা কৰিছিল। বৈশাখৰ বিহুত নগাঁওৰ স্থানে স্থানে অশ্লীল নৃত্য গীত হৈছিল সেইসকলক তেওঁ নিবাৰণ কৰালে আৰু সেইৰূপ কাৰ্য্য যে অনিষ্টজনক তাক তেওঁ সকলোকে বুজাই দিছিল।

 বিচাৰ কাৰ্য্যত তেওঁ বৰ নিপুণ আছিল, তেওঁ হাস্যমুখে সকলোৰেপৰা সুধি-পুচি বিৰোধৰ মূল তথ্য উলিয়াবলৈ ভালকৈ জানিছিল আৰু পক্ষপাতশূন্যৰূপে আজ্ঞা প্ৰচাৰ কৰিছিল। বিচাৰ কাৰ্য্যত তেওঁ কাৰো কথা নুশুনিছিল। তেওঁ বিচাৰ কৰোতে হাঁহি হাঁহি লোকক সুধিছিল আৰু কেতিয়াও কাকো কোনো ভয় কি আন প্ৰবৃত্তি জন্মাই সোধা নাছিল। কোনোৱে খাটনি কৰিলে তেওঁৰ বিবেচনাৰ ওপৰত কৰ্ত্তত্ব কৰিব নোৱাৰিছিল।