পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৬৭
 


নকও দেশৰ আন লোককো কাজ কৰ্ম্ম দি সাহায্য কৰিছিল। দুখিত দৰিদ্ৰসকলক আৰু তেওঁৰ মিত্ৰ-কুটুম্বসকলক সদায় যাক যেতিয়া যি লাগিছিল তাক দি সাহায্য কৰিছিল। নগাঁওত তেওঁ যি কেইবৎসৰ আছিল তাৰ প্ৰতি বৎসৰে তেওঁৰ কোনো না কোনো আশ্ৰিতৰ এটি বিবাহ হৈছিল। দেশীয় লোকসকলৰ উন্নতিৰ নিমিত্তে তেওঁৰ ইমান যত্ন আছিল যে তেওঁ যেন সেইসকলক হাতত ধৰি তুলিব। তেওঁ সদাই স্কুলবিলাকলৈ গৈ পৰীক্ষা কৰিছিল আৰু ছাত্ৰসকলক অনেক উৎসাহ বাক্য কৈছিল। দেশীয় যুৱকসকলক নানা প্ৰকাৰে উৎসাহ বাক্যৰে উন্নতিৰ বাট দেখুৱাইছিল। অনেকে তেওঁৰ শিক্ষাৰপৰা লেখিবলৈ শিক্ষা কৰিলে। গবৰ্ণমেণ্টৰ কাৰ্য্যকাৰকসকলক তেওঁ সদাই অসম দেশৰ উন্নতিৰ বিষয়ে সুযোগ পালেই জনাইছিল। যিকোনো লোকে তেওঁলৈ চিঠি লেখিছিল সেইসকললৈ সময় পালে উৎসাহজনক কথা লেখিছিল, কোনো লোকৰ পীড়া হলে তেওঁ তাৰ চিকিৎসাৰ বিষয়ে বৰ যত্ন কৰিছিল। দৰিদ্ৰ হলে তাক নিজৰ ব্যয়েৰে চিকিৎসা কৰাইছিল। গৰমূৰৰ ঘাইজনা অধিকাৰ আৰু ৰঞ্জয় ফুকনৰ অচিকিৎস্য ব্যাধি হোৱাত তেওঁ ডাক্তৰ চাহাবৰ দ্বাৰাই অস্ত্ৰ চিকিৎসা কৰোৱাই ভাল কৰালে। আমাৰ মানুহে ডাক্তৰৰ চিকিৎসা কৰিবলৈ ভয় কৰে। তেওঁৰ উৎসাহত আৰু যত্নতে তেওঁবিলাকে উৎসাহিত হৈ ডাক্তৰৰ চিকিৎসা গ্ৰহণ কৰি ৰোগৰপৰা মুক্ত হল।

 ফুকনৰ অতিশয় উদাৰ ভাব আছিল। অসমীয়া লোক সকলক তেওঁ বৰ প্ৰীতি কৰিছিল। বঙ্গালীসকলকো তেওঁ অপ্ৰীতি নকৰিছিল। বঙ্গালীবিলাক যে বিজাতীয় আৰু বিদ্বেষৰ পাত্ৰ এইটে৷ তেওঁ কেতিয়াও মনত নানিছিল; বাঙ্গালীৰ যেনে, অসমীয়াৰে৷ তেনে কুচৰিত্ৰবান লোককহে বেয়া পাইছিল। হিন্দু