পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
আনন্দৰাম ঢেকিয়াল
 


ভাব আছে সেইবিলাক তেওঁ নাজানিছিল বা জানিলেও ব্যৱহাৰ নকৰিছিল।

 কোনো লোকৰ নিন্দা বা ব্যাখ্যা কৰা তেওঁৰ অভ্যাস নাছিল আৰু তেনে কথা বৰকৈ ঘৃণা কৰিছিল। তেওঁৰ ক্ৰোধ উগ্ৰ নাছিল। এদিন তেওঁৰ বহুমূল্য কাপোৰ এখান ধোবাই অসাৱধান কৰি নষ্ট কৰাত তেওঁ তাক লাঠীৰে মুৰতে মাৰ এটা মাৰিলে। ধোবাৰ মূৰৰপৰা ৰক্তপাত হল। ইয়াৰ পাচত তেওঁ বৰ ঘৃণা কৰিছিল। বিজনীৰ দেৱান থকাতে তেওঁৰ যি ন্যায্য প্ৰাপ্তি তাত বিনে আন তেওঁ গ্ৰহণ নকৰিছিল। অসমীয়া লোকৰ এটা নিয়ম আছে, কোনো ভাল মানুহ বা বিষয়াৰ ঘৰলৈ গলে হাতত কোনো ইখান সিখান বস্তু ভেটি লৈ যায়। ইয়াক তেওঁ লবলৈ নীচেই ভাল নাপাইছিল। তেওঁ সদাই সকলোকে সেইৰূপ কাৰ্য্য নকৰিবলৈ কৈছিল। ঘৈণীসকলকো তেনে বস্তু গ্ৰহণ নকৰিবলৈ সদাই দৃঢ়ৰূপে কৈছিল। মিত্ৰ কুটুম্ব সকলৰপৰাও সেইৰূপ দ্ৰব্য গ্ৰহণ ভাল নাপাইছিল।

 ফুকনে কাকো হিংসা নকৰিছিল। আৰু তেওঁৰ যে কোনো শত্ৰু আছিল এইটো এই পৰ্যন্তে জনা যোৱা নাই৷ বিষয় কাৰ্য্যানুৰোধত যাক দণ্ড কৰিছিল সিও তেওঁৰ প্ৰতি সন্তুষ্ট আছিল। আন কি তেওঁৰ মৃত্যুৰ দিনা তেওঁ ফাটেকত দিয়া কয়দীসকলেও আপোন পৰিবাৰ মৰাৰ দৰে শোক আৰু বিলাপ কৰিছিল।

 পৰৰ উপকাৰ কৰা তেওঁৰ এটি প্ৰধান ব্ৰত আছিল। প্ৰায় সৰুৰেপৰা গুণাভিৰামক পালন কৰি কলিকতাত নিজ ব্যয়ে পঢ়ুৱাই বিবাহ দিয়ালে। ধৰ্ম্মদত্ত আৰু কম্বুকণ্ঠকো সেইৰূপে পালন কৰি পঢ়ুৱাই বিবাহ দিয়ালে। দুৰ্গাচন্দ্ৰ আৰু ব্ৰজহুন্দৰীকো প্ৰতিপালন কৰি শিক্ষা দিয়ালে। আৰু তেওঁবিলাকৰ সম্পত্তিৰ তত্ত্বাৱধাৰণ কৰি উপকাৰ কৰিলে। তেওঁৰ আশ্ৰিতসকলৰ কথাকে