ফুকনে কোনো প্ৰকাৰে শিল্পবিদ্যা নাজানিছিল, কিন্তু তেওঁৰ
শিল্পৰ সৌন্দৰ্য্য জ্ঞান আছিল৷ নগাঁওত কহপুৰ আৰু গুৱাহাটীত
কাবুৰ আৰু ৰছকুল নামে দৰজি আছিল। ফুকনে আপোনাৰ
দৃষ্টি দি সেই কেইজনৰ হতুৱাই কাৰচুৰিৰ আৰু আন কাম
কৰোৱাইছিল। তাৰ দ্বাৰাই ফুকনৰো কাপোৰ প্ৰস্তুত হৈছিল
আৰু সেই সকলৰো ব্যৱসায়ত উন্নত শিক্ষা হৈছিল। এই পৰ্য্যন্ত
ফুকনৰ অসমীয়া বন্ধা পাগুৰী লোকৰ আদৰণীয়।
গীতবাদ্য বিষয়ে তেওঁ অপটু আছিল। এই বিষয় কোনো শিক্ষা তেওঁ পোৱা নাই আৰু পাবলৈ যত্ন নকৰিছিল৷ গীত আৰু বাদ্যৰ মধুৰতা তেওঁ বুজিবলৈ পাৰিছিল। তেওঁ অলপ সময় পালেই গুণ গুণ কৰে কোনো অসমীয়া গীত বা সংস্কৃত শ্লোক গাইছিল। আৰু কেতিয়াবা সুহুৰীৰেও সেইৰূপ গীত গাইছিল। তেওঁ আমাৰ অসমীয়া মানুহৰ দৰে পদ পুথি পঢ়িবলৈ ভাল নাপাইছিল। কিন্তু আনে পঢ়িলে তাক শুনিছিল। সাধু কথা শুনিবলৈ তেওঁৰ শ্ৰদ্ধা আছিল। ফুকনে কেতিয়াও অসমীয়া নাম ধৰা নাই। তেওঁ শয়নৰ সময়ত সুস্বৰ শুনিবলৈ ভাল পাইছিল, সেইকাৰণে কম্বুকণ্ঠক বেহেলা শিকিবলৈ দিলে। তেওঁ বেহেলা কিছু শিক্ষা কৰিলত প্ৰতিদিনে ফুকনৰ শয়নৰ সময়ত বেহেলা বজাই শুনাইছিল। তাত তেওঁ বৰ তৃপ্তি পাইছিল।
তাচ, চৌপট, সতৰঞ্জী কি আন কোনো বিধ খেল ফুকনে নাজানিছিল। প্ৰথমবাৰ তেওঁ কলিকতালৈ যোৱাৰ পূৰ্ব্বে যি জানিছিল আৰু খেলাইছিল তাৰ পাচে আৰু তালৈ মন দিয়া নাই। লোকেৰে আলাপ কৰাই তেওঁৰ প্ৰধান আমোদ, তেওঁ কেতিয়াও কোনো অশ্লীল ভাষা নকৈছিল আৰু অশ্লীল বিষয় আলোচনা নকৰিছিল। যুবা বয়সত কোনো কোনো লোকে সেইৰূপ কথা কৈ ভাল পায়। কিন্তু তেওঁৰ সেইটো অভ্যাস নাছিল। আদিৰসঘটিত সচৰাচৰ ব্যবহৃত উপমা কথা আৰু