পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
আনন্দৰাম ঢেকিয়াল
 


কথা বা কাৰ্য্যৰ কি পৰিমাণে ফল হব ইয়াক তেওঁ জানিছিল। আৰু সেই কাৰণেই তেওঁৰ পৰামৰ্শ সকলোৱে আদৰ কৰিছিল। তেওঁ সময়ে সময়ে তেওঁৰ দুৰস্থ বন্ধুসকলৰ দৰখাস্ত ইত্যাদি মুচাবিদা কৰি দিছিল। প্ৰাচীন লোকেৰে আলাপ কৰা আৰু প্ৰাচীন কথা শুনা তেওঁৰ বৰ প্ৰিয় আমোদ আছিল। তেওঁৰ অনুসন্ধান বৃত্তি বৰ প্ৰবল আছিল, সকলো কথাৰে ভালকৈ অনুসন্ধান লৈছিল। এই কাৰণে তেওঁ তেওঁৰ মত পৰিবৰ্ত্তনত বৰ দুখিত নহৈছিল। তেওঁ মানুহে সৈতে আলাপ কৰিছিল হয় কিন্তু অকাৰণ আলাপ কৰি সময় নষ্ট কৰিবলৈ ভাল নাপাইছিল। যেতিয়ালৈকে কোনো লোকে সৈতে আলাপ কৰি তেওঁ তাক ভালকৈ নাজানে তেতিয়ালৈকে তাৰে সৈতে বিস্তৰ কথা নকৈছিল। এই কাৰণে তেওঁক সহসা অহঙ্কাৰী বুলি কোনোৱে দায় দিছিল। তেওঁ নিজে তামোল কি মলা-ধপাত নাখাইছিল কিন্তু লোকক সেই সকল বস্তু দি অভ্যৰ্থনা কৰিছিল। বিজয়া দশমীৰ দিনা বঙ্গালী আমোলা আৰু দেশীয় কোনো কোনো লোক গধূলি তেওঁৰ ঘৰলৈ সাক্ষাৎ কৰিবলৈ যায়। সেইসকলে সৈতে আনন্দেৰে কোলাকুলি কৰিছিল আৰু ঢলা বিছনাত সকলোৰে সৈতে বহি আলাপ কৰিছিল। তেওঁৰ তালৈ সদাই অসমীয়া বঙ্গালী অনেক লোক সাক্ষাত কৰিবলৈ গৈছিল। নগাঁওত হলে হাবিৰাম বৰুৱা পেচকাৰ, ৰত্নেশ্বৰ লাহিড়ী, কালীচৰণ কাননগো, ৰামচন্দ্ৰ বিশ্বাস, কালীকৃষ্ণ ৰায়, মনমুখ দাসও সয়াল ধীৰসি ও সোৱাল প্ৰায় সদাই তেওঁৰ ঘৰলৈ গৈছিল। শ্ৰাবণত তেওঁৰ পিতৃ শ্ৰাদ্ধত আৰু তেওঁৰ পুত্ৰৰ অন্নপ্ৰাশনাদি কাৰ্য্যত তেওঁ দেশীয় লোকসকলক দেশীয় নিয়মেৰে আৰু তাৰ পাচদিনা বঙ্গালী হিন্দুস্থানী প্ৰভৃতি লোকসকলক বঙ্গালী নিয়মে ভোজন কৰাইছিল। সেই সময়ত তেওঁ সকলোৰে সৈতে সমানভাৱে ব্যৱহাৰ কৰিছিল, মুচলমান আৰু ইংৰাজ