পূৰ্ব্বে ইটা ইত্যাদিৰ বন্ধবস্ত কৰিছিল। আগৰ পোৰা
চোৱাৰীৰ ভেটিতে এটি ভাল পকা বৈঠকখানা কৰিবলৈ উদ্যোগ
কৰিছিল।
তেতিয়া চাৰিটা আলমাৰী নানাবিধ ইংৰাজী সংস্কৃত ইত্যাদি পুস্তকে পূৰ্ণ। এইসকল আৰু ঘৰৰ আন বস্তু বাহানি সকলো- বিলাক সদাই পৰিষ্কাৰ পৰিচ্ছন্ন প্ৰতি তেওঁ নিজে বৰকৈ দৃষ্টি কৰিছিল। আৰু বস্তুবিলাক ঠাই সলাই সলাই থৈছিল। তেওঁ তেওঁৰ সকলো বস্তু সজোৱাত বৰ বিচক্ষণ আছিল। তেওঁৰ সকলো বস্তু শ্ৰেণীবদ্ধ আৰু সুবিধামতে সজ্জিত আছিল। তেওঁৰ আইনৰ পুস্তক এক সময়ত ৩৬৯ টকাৰ আৰু মেজ মাচিয়া কৌচ ইত্যাদি বস্তু ১,১০০ টকাৰ আছিল। তেওঁ নিজে কাপোৰ আৰু আন বস্তু সজাই থৈছিল। আৰু তাক সময়ে সময়ে চাইছিল।
চিঠি লেখা তেওঁৰ এটি বৰ কৰ্ত্তব্য কৰ্ম্ম আছিল, চিঠি অহা মাত্ৰেই তাৰ উত্তৰ দিয়ে। তেওঁলৈ অনেক চিঠি লেখিছিল। তাৰ কোনোৱে সকামত আৰু কোনোৱে এনেই লেখিছিল। আইনাদিৰ তৰজমা কৰা প্ৰভৃতি কৰ্ম্মতে তেওঁৰ সময় যায়। সকলে৷ চিঠি লেখিবলৈ অৱসৰ নাপায় এই কাৰণে স্নানৰ সময় মূৰ ক্ষুৰাওতে আৰু স্নান কৰোতে আৰু কেতিয়াবা আহাৰ কৰোতে আনৰ হতুৱাই চিঠি লেখাইছিল আৰু নিজে চহী কৰি পঠাই দিছিল।
ফুকনে সামাজিকতা বৰ আদৰ কৰিছিল, যাক যেনেকৈ সন্ত্ৰম কৰিব লাগে তাক তেনেকৈ কৰিছিল, সমাজত হুলস্থূল লগাবলৈ তেওঁৰ ইচ্ছা নাই। এই কাৰণে তেওঁ প্ৰাচীন নিয়ম যিমান পাৰিছিল তাক সকলো বিষয়তে চলাইছিল। আউনি- আটীয়া গোঁসাইৰ তলৈ সাক্ষাত কৰিবলৈ যোৱাত তেওঁক কলাপাত এখান বহিবলৈ দিছিল। তাত তেওঁ বহিল, তেওঁৰ এই মত আছিল যে কোনো লোকৰ ঘৰলৈ যাবলগীয়া হলে লোকে