পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
আনন্দৰাম ঢেকিয়াল
 


যে খুউৱা হৈছিল তাৰ দ্বাৰাও দুৰ্ব্বলতা প্ৰাপ্ত হৈ প্ৰাণ শেষ হল। যেই কি নহওক, ঈশ্বৰৰ ইচ্ছাই যে প্ৰধান কাৰণ এই- টিয়েই প্ৰধান কাৰণ আৰু সান্ত্বনা।

 এই শোকজনক হৃদয় বিদীৰ্ণকৰ সংবাদ পাই বলৰাম ফুকন গুৱাহাটীৰপৰা আহিল। গুণাভিৰামে ৰাধিকা বাপাৰ হাতত ধৰুৱাই দশপিণ্ড দিয়ালে। ঢেকিয়াল ফুকনৰ পিতৃৰ শিক্ষক কালীদত্ত অধ্যাপকৰ পুতেক হৰকান্ত ভট্টাচাৰ্য্য় আৰু নগাঁওৰ ৰামমিশ্ৰ নাজীৰ পুৰোহিত আছিল। অশৌচান্তৰ দ্বিতীয় দিনা অৰ্থাৎ ১১ দিনৰ দিনা ফুকননীয়ে বৰোৎসৰ্গ আৰু আদ্যশ্ৰাদ্ধ কৰিলে। সম্পূৰ্ণৰূপে সকলো দান দিয়া হৈছিল সেইদিনাই বৃষোৎসৰ্গ আৰু আসন্ন দান কৰা হল। দক্ষিণা লবলৈ এই জিলাৰ আৰু আন ঠাইৰ অনেক ব্ৰাহ্মণ আহিছিল। সেইসকলক দক্ষিণা দিয়া হল। তাৰ পাচদিনা সপিণ্ডীকৰণৰ শ্ৰাদ্ধ সম্পাদন কৰা হল। তেৰ দিনৰ দিনা জ্ঞাতি ভোজন কৰোৱা হল। এইৰূপে ফুকনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পাদিত হল। দানোৎসৰ্গ সকলো বস্তু যথা নিয়মে গুৰুপুৰোহিত কুটুম্বাদিক ভগাই দিয়া হল। কিন্তু কি দুখৰ কথা যে মিত্ৰ কুটম্বৰ মধ্যত কোনো কোনোৱে ফুকন জীয়াই থাকোঁতে তেওঁৰপৰা যি উপকাৰ পাইছিল তাক বিস্মৃত হৈ অযোগ্য বুলি দানোৎসৰ্গৰ বস্তু ফিৰাই দিলে।

 ফুকন মৃত্যুৰ সময়ত তেওঁৰ এইবিলাক পৰিবাৰ ঘৰত আছিল। পঞ্চাশ বৰ্ষীয়া মাতা, ৪৬ বৰ্ষীয়া বিমাতা, ২৬ বছৰীয়া পত্নী। তেওঁৰ জ্যেষ্ঠ পদ্মাৱতীৰ বয়স তেতিয়া ৭ বৎসৰ ৫ মাহ ৭ দিন। ৰাধিকাৰ বয়স ৫ বৎসৰ ৭ মাহ ৭ দিন, অন্নদাৰ বয়স ২ বৎসৰ ৫ মাহ ২০ দিন আৰু চন্দ্ৰপ্ৰভাৰ বয়স ৪ মাহ ২৬ দিন।

 তেওঁৰ মধ্যমা পিতামহী গুৱাহাটীত বলৰাম ফুকনৰ লগত আছিল। তেওঁৰ আশ্ৰয়ত পৰিবাৰভুক্ত হৈ এইসকল আছিল--