পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
আনন্দৰাম ঢেকিয়াল
 


ইয়াৰ পূৰ্ব্বে ডাক্তৰে কোনো ঔষধৰ গুণাগুণ কৈ ইয়াত তাত পৰামৰ্শ হৈছিল। “মাৰ্ফিয়া” খুৱাওতে কাতো একো নুসুধিলে। এই ঔষধ খুউৱাৰ পাচত ফুকন অজ্ঞান হল আৰু তেওঁৰ বাক্য ৰহিত হল। ইয়াৰ পাচে আৰু কোনো ঔষধ তেওঁক দিয়া নহল। কেৱল চোডাওৱাটৰ খুউৱা হৈছিল। ডাক্তৰে কৈছিল যে সেই যে অজ্ঞান সেইটো “নিশাকা দেওৱাই” বা ৰাগিৰ ঔষধৰ নিমিত্তে হৈছে। বোধহয় তেওঁ মাৰ্ফিয়া কথাকে উল্লেখ কৰিছিল৷ কিয়নো মাৰ্ফিয়াই মানুহক তেনে কৰে। অচেতন হবৰপৰ৷ নিশ্বাস লওঁতে তেওঁৰ ঘৰ ঘৰ শব্দ হৈছিল। ডাক্তৰে গুণাভিৰামউৰুক কৈছিল বোলে ফুকনৰ “কাণৰ ওচৰত চিয়ঁৰি মাতা।” সেইৰূপ কৰা হল। পাচে কাণৰ ভিতৰলৈ ডাক্তৰে তপত পানী পিচকাৰীৰে দিলে। সিও একো উপকাৰ নকৰিলে। এইৰূপ কৰোঁতেই ৰাত্ৰি প্ৰভাত হল। তেতিয়া দেখা গল যে নখচন্দ্ৰ বিবৰ্ণ হোৱা, নাক সোমোৱা প্ৰভৃতি আসন্ন মৃত্যুৰ লক্ষণ সকলে৷ হৈছিল, কিন্তু তেওঁৰ শৰীৰ তপত আছিল। নিদানিক লক্ষ্মীবিলাস, নীলকণ্ঠ, বেতাল চক্ৰেশ্বৰ প্ৰভৃতি বৰীও এই সময়ত খুউৱা হল; কোনো উপকাৰ নহল। পাচে ৯ বজাৰ কিঞ্চিৎ পূৰ্ব্বে তেওঁৰ মহাশ্বাস হল। তেওঁক সকলোৱে ধৰি বাহিৰলৈ অনা হল। তেওঁৰ পত্নীয়ে শোকত বিহ্বলা হল হয় তথাপি তেওঁ ফুকনৰ অন্তৰ্জ্জলিত তিলকাঞ্চন বৈতৰণী ধেনু উৎসৰ্গ কৰিলে। ইয়াৰ অলপ পাচতে ৯ বজাত তেওঁৰ আত্মা নিত্য ধামলৈ গমন কৰিলে। (১৬ জুন ১৮৫৯, ৩ আষাৰ ১৭৮১, বঙ্গলা ১২৬৬ বৃহস্পতিবাৰ কৃষ্ণা প্ৰতিপদ এইদিনা ফুকনৰ বয়স ২৯ বৎসৰ ৯ মাস ২৯ দিন )।

 ঘৰত আৰ্ত্তনাদ উঠিল। নগাঁও নগৰৰ কথাকে নকও ৪/৫ মাইল অন্তৰৰপৰা লোক আহিল। দুৰ্গোৎসৱ পূজাৰ বিজয়া দশমীৰ সমান প্ৰজা হল। সকলোৰে হাহাকাৰ। কি কৰা