পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৪৭
 


যে ফুকনে কাছাৰীৰপৰা অসময়তে আহিছিল। চিকিৎসা কৰাত স্বাস্থ্য লাভ কৰিলে। ফুকননীৰো উদৰাময় হৈছিল, সিও ভাল হল। ফুকনে প্ৰাচীন ৰীতি নীতিৰ বিষয় বৰকৈ আলোচনা কৰিছিল। হিন্দু শাস্ত্ৰৰ একাদশীৰ উপবাস, অমাৱস্যাৰ নিশা ভোজন নিষেধ প্ৰভৃতি যি বিধি আছে সেইসকলৰ বিষয় ফুকনে এইটো সিদ্ধান্ত কৰিছিল যে এইৰূপে উপবাসৰ দ্বাৰাই ৰস হ্ৰাস পায় আৰু মন্দাগ্নি গুচে। চন্দ্ৰেৰে সৈতে পৃথিবীৰ বিশেষ সম্পৰ্ক। কিয়নো তিথি অনুসাৰে সমুদ্ৰৰ আৰু সমুদ্ৰৰ ওচৰত নদীৰ জোৱাৰ ভাটা হ্ৰাস বৃদ্ধি হয়। মনুষ্যৰ শৰীৰতো যি ৰস আছে, সিও সেইৰূপে আকৰ্ষিত হয়। একাদশীৰপৰা অমাৱস্যা পূৰ্ণিমা পৰ্য্যন্ত জোৱাৰ-ভাটা বৰ প্ৰবল হয়। সেই নিমিত্তেই একাদশীত সম্পৰ্ণ উপবাস আৰু অমৱস্যাত নিশী উপবাস বিহিত হৈছে। এইবিলাক পৰ্যালোচনা কৰি তেওঁ কিছুদিন পূৰ্ব্বৰ পৰা একাদশী ব্ৰত ৰাত্ৰি কিঞ্চিত অন্ন ভোজন কৰে। ১৭৮১ শকৰ ২৮ জ্যৈষ্ঠ আৰু ১৮৫৯ চনৰ ১১ জুন শনিবাৰৰ দিনা একাদশী হোৱাত আনন্দৰাম ফুকনে জলপান কৰি কাছাৰীলৈ গল। অপৰাহ্ন ৪॥ বজাত তেওঁ কাছাৰীৰপৰা আহিল। তেতিয়া তেওঁৰ মূৰৰ বিষ আৰু হাত ভৰিত বিষ হৈছিল আৰু জ্বৰো হৈছিল। এই বেদনা কাছাৰীত থাকোতেই হয়। সেই সময়ত নগাঁওত ইউৰোপীয় ডাক্তৰ নাছিল। কেৰামত আলি নামে এজন নেটীব বা দেশীয় ডাক্তৰ আছিল। সেই ডাক্তৰে আহি ফুকনক চাই মূৰত বিলাতি বিনিগৰ বা চিৰ্ কা লবলৈ দিলে আৰু জেমচ পাউডাৰ নামে এপুৰীয়া ঔষধ দিলে। ফুকনে সেই ৰাত্ৰি ৯ বজাত খায়। সেই ৰাত্ৰি ৫ কি ৬ চিমতা চাহ মাত্ৰ খায়। ডাক্তৰে খাবলৈ দিছিল। সেই ৰাত্ৰি ভালকৈ টোপনি নাহিল। শীঘ্ৰে শীঘ্ৰে টোপনি ভাগিছিল। তেওঁ শৰীৰত দাহ, বিশেষকৈ হাত ভৰি বৰকৈ পুৰিছে বুলি কৈছিল।