পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
আনন্দৰাম ঢেকিয়াল
 


দৰ টান হওক এই ভাবি ভঁৰালতে ধান সাঁচি সাঁচি থৈছিল। ভাটীৰপৰাও ধান নাহে। ইফালে আহু ধান হবলৈকো সময় বহুদিন আছে। তাৰ ওপৰত আকৌ মাৰ্চ্চ মাহত ১৬ তাৰিখে নগাঁওৰ কেঁঞাপটী সমুদায় অগ্নিদগ্ধ হল। লোকৰ মহা হাহাকাৰ লাগিল। ফুকনে এই নিয়ম কৰিলে যে যাৰ ভঁৰালত ধান আছে সেইসকলে ধন লৈ ধান বেচিব। যদি নেবেচে চৰকাৰৰ পক্ষৰ আমোলা গৈ ধানৰ গৃহস্থৰ ভঁৰাল ভাঙ্গি দুৰ্ভিক্ষ পীড়িত সকলক ধান এই নিয়মে দিব যে ধানৰ সময়ত ধান দিব অথবা ধন দিব। এই নিয়ম যদিচ অসঙ্গত তথাপি সময় বুজি কৰা হলত সঙ্গত হল। বহু প্ৰাণী অন্ন কষ্টৰপৰা ৰক্ষা পৰিল। কমিচনৰ চাহাবলৈ লিখাত সেই নিয়ম তেওঁ অগ্ৰাহ্য নকৰিলে। ফুকনে ইয়াকে কৰি ক্ষান্ত নাথাকিল। গবৰ্ণমেণ্টৰ পৰা চাউল অনাই বেচাবলৈ ৰিপৰ্ট কৰিলে। কমিচনৰ চাহাবে এই ৰিপৰ্ট গ্ৰাহ্য কৰি গবৰ্ণমেণ্টলৈ লিখিলে। গবৰ্ণমেন্টে আদেশ কৰিলে যে গবৰ্ণমেণ্টে চাউলৰ বেপাৰ কৰা সঙ্গত নহয়, এতেকে ঘোষণা কৰি দিয়া হওক তাৰ দ্বাৰাই বেপাৰীবিলাকে চাউল লৈ যাব। পাছে আহু ধান ওলালত এই দুৰ্ভিক্ষ কমিল। ইফালৰ পৰা আকৌ অনেক বেপাৰীয়ে ইয়ালৈ চাউল আনিলে। এইটো দুৰ্ভিক্ষৰ কথা এতিয়ালৈকে মানুহে “বৰ আকাল” “ভঁৰাল ভঙ্গ৷ বছৰ” এই বুলি কয়। অনেকে আহাৰীয় চাউল নাপাই শাক কচু ইত্যাদি বস্তু খাই সেই সময়তে প্ৰাণ ধাৰণ কৰিছিল। এই আকাল যে নগাঁওত হৈছিল এনে নহয়। প্ৰায় সমুদায় দেশত হৈছিল। এই সময়তে কেইদিনমান আকাশত এক ধুমকেতু দৰ্শন কৰা যায়।

 ডাক্তৰ পিঙ্গলট মৰিবৰপৰা নগাঁওত ইউৰোপীয় ডাক্তৰ নাছিল। এইবাৰ বাৰিষা ডাক্তৰ লি নামে এজন ডাক্তৰ নগাঁওলৈ আহে। কিন্তু অলপদিনৰ মূৰত মৃত্যু হল। ফুকননীৰ