হয়। ফুকনৰ ওপৰতে বাৰী চাহাবে এই বাগিচাৰ তত্ত্বাবধাৰণ
সম্পন্ন কৰে। তাৰ পাচে হেৰিয়ট চাহাব বাৰী চাহাবেৰে অংশী
হয়। ফুকনৰ সহায়ত ধৰ্ম্মদত্তৰ উদ্যোগত কিছুদিনৰ মূৰত সেই
ঠাইত এখান সাপ্তাহিক হাট পতা হয়। সেই হাট আজিলৈকে
আছে। নগাঁওৰ প্ৰধান এচিষ্টেণ্ট মৰ্টন চাহাব নৰিয়া পৰি
প্ৰথমে গুৱাহাটীলৈ গল, পৰিশেষত বিলাতলৈ গল। ফুকনে
আকৌ জিলাৰ সম্পূৰ্ণ ভাৰ পালে।
নগাঁওৰ নগৰৰ ওচৰতে জেইলৰ অলপ ভাটীৰপৰা কলঙ্গ নদীৰ এটা বৰ পাক আছিল, ইয়াক মৰিকলঙ্গৰ পাক বোলে। ২০ হাতমান কটালে সেই পাক গুচে। ফুকনে এই পাক কটাবলৈ বৰ উদ্যোগ কৰিছিল। আৰু কয়েদীৰ হতুৱাই সেই ডোখৰ মাটি খনাই দিয়ালে। সেইখিনি কাটি দিয়াত প্ৰায় দুই মাইলমান পানীৰ বাট চুটি হল। এই ঠাইক এতিয়াও খনাজান বা খনাজানৰ মুখ বোলে। যি খণ্ড কলঙ্গ এৰা পৰিল তাক পোতা কলঙ্গ বোলে। মোৱামাৰী নামে ঠাইৰ ওচৰত আৰু আন কেইবা ঠাইতে৷ সেইৰূপ কলঙ্গৰ পাক আছে, তাক খনাবলৈকো ফুকনে উদ্যোগ কৰিছিল। এবাৰ ফুকন মঙ্গলদৈলৈ বদলি হবৰ কথা ওলাইছিল, কিন্তু সেইটি নহল। এবাৰ আকৌ বেকেট চাহাব নগাঁওলৈ আহিবলৈ কথা হৈছিল।
কোচবিহাৰ প্ৰদেশ কৰদ ৰাজ্য। তাৰ ৰজা শিৱ বংশীয়। সেই ৰজাৰ দেৱান কালীচন্দ্ৰ লাহড়ী আছিল৷ তেওঁ মৃত্যু হলত সেই পদ শূন্য হোৱাত ফুকনে সেই পদ পাবলৈ ইচ্ছা কৰি কমিচনৰ চাহাবলৈ লিখিছিল। কিন্তু তেওঁ লেখাৰ পূৰ্ব্বেই সেই পদত লোক নিযুক্ত হৈ গল।
এই বৎসৰত নগাঁওত দুৰ্ভিক্ষ হয়। ক্ৰমে চাউলৰ দৰ টান হৈ শেষত সেৰে।০ চাৰি অনা দৰ হল। এনে দুৰ্ভিক্ষ এই অঞ্চলত কেতিয়াও হোৱা নাই। যাৰ যাৰ ধান আছিল সি