গুণাভিৰাম নৌকাৰে কলিকতাৰপৰা আশ্বিনৰ শেষত স্বদেশলৈ
আহিল। গুৱাহাটীত অলপ কেইদিনমান থাকি নগাঁৱলৈ
আহিল। আঘোণৰ ১৮ তাৰিখ ১৮৫৭ চনৰ ২ ডিচেম্বৰত
গুণাভিৰাম আৰু ব্ৰজসুন্দৰীৰ বিবাহ হয়। দুৰ্গাচন্দ্ৰই কন্যা
সম্প্ৰদান কৰে, ফুকন আৰু ফুকননীয়ে এই বিবাহত যাতকৈ
নাই সন্তোষ পালে৷ এই বিবাহ ইমান আনন্দজনক এই
পৰিবাৰৰ মাজত হৈছিল যে ফুকনৰ কন্যা পদ্মা আইটীয়েও সৰু
এটি ঘট লৈ এখান দোলাত পানী তুলিবলৈ গৈছিল; গুণাভিৰামৰ
বৰ মাক বউৱেক এই বিবাহ চাবলৈ গুৱাহাটীৰপৰা আহিছিল।
তেওঁৰ বায়েক দীফলুৰ ডেকা গোঁসাইৰ পত্নীয়েও বৰ সন্তোষ
পালে। ফুকন ফুকননীৰ সন্তোষৰ কাৰণ বিশেষ এইটি আছিল
যে দৰা আৰু কন্যা দুইও তেওঁবিলাকৰ পালিত আৰু বংশ
সুতৰাং সম্বন্ধৰ ঘনিষ্ঠতাৰ দ্বাৰাই প্ৰীতিৰো ঘনিষ্ঠতা হবৰ সম্ভাৱনা।
প্ৰথম বিবাহৰ অলপ কিছুদিন পাচতে এওঁবিলাকৰ শান্তি বিবাহও
সমাধা হল।
গুণাভিৰামে একবৎসৰ আইনৰ পৰীক্ষা দিছিল আৰু দুটা পৰীক্ষা দিবলৈ বাকী আছিল, তাৰে এটা মাৰ্চ্চ মাহত আৰু এটা তাৰ পাচৰ মাৰ্চ্চত। মাৰ্চ্চমাহৰ পৰীক্ষা দিবৰ কাৰণে ১৮৫৮ চনৰ জানুৱাৰী মাহত গুণাভিৰাম কলিকতালৈ যাবলৈ ওলাল৷ সেই লগতে কম্বুকণ্ঠ আৰু দুৰ্গাচন্দ্ৰও গুৱাহাটীত থাকি পঢ়িবলৈ যাবলৈ ওলাল। ঘৰৰ সকলোৰে অনিচ্ছা, তথাপি মাঘৰ ৭ তাৰিখে তেওঁবিলাকে যাত্ৰা কৰিলে। সেইদিনা ফুকননী আৰু ফুকন ইমান দুখিত হল যে ফুকনে চক্ষুৰ জল উলিয়ালে। গুণাভিৰামে গুৱাহাটী পাই ফুকন আৰু ফুকননীৰ চিঠি পালে। তেওঁবিলাকে তেওঁক কলিকতালৈ আকৌ যাবলৈ এক প্ৰকাৰ নিষেধ কৰিলে। ফুকনে তিমান স্পষ্টকৈ নিলিখিলেও ফুকননীয়ে স্পষ্টকৈ লিখিলে। শেষত ফুকনে ইয়াকো লিখিলে যে, “যদি