পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৩৫
 


 আনন্দৰাম ফুকনে নবীন বাবু আৰু গুণাভিৰামলৈ ব্ৰজ- সুন্দৰীৰ বিবাহৰ বিষয় চিঠি লিখে। নবীনবাবু সম্মত হল, কিন্তু গুণাভিৰাম তাত অসন্মত হল। তেওঁ এই আপত্তি কৰিলে যে বিবাহ কৰালে তেওঁৰ আৰু পঢ়াৰ ব্যাঘাত হব। কিয়নো দেশলৈ গলে সংসাৰত প্ৰবেশ কৰি ঘূৰি অহা টান হব। তেওঁৰ আৰু এটা আপত্তি এই তেওঁ বিবাহ কৰাবৰ উপযুক্ত সবল নহয়। সেই লগতে ইয়াকো তেওঁ কলে যে অলীক জানি মন্ত্ৰ গ্ৰহণ কৰা নাই আৰু ধৰ্ম্ম বিষয়ে মত প্ৰচলিত পোনে নহয়। ব্ৰহ্মসমাজৰ মতেই তেওঁৰ ধৰ্ম্ম বিষয়ক বিশ্বাস সুতৰাং অনেক অসুবিধা। এইসকল কাৰণ দেখুৱাই বিবাহত অসন্মতি দিলে। এই বিষয়ে অনেক কথা ফুকন সৈতে তেওঁৰ পত্ৰেৰে আলোচনা হৈছিল। গুণাভিৰামে ইয়াকো কৈছিল যে তেওঁৰ এনে যোত্ৰ নাই যে বিবাহ কৰাই স্বাধীন- ভাৱে থাকে। ফুকননী এইবিলাক কথা শুনি বৰ দুখিত হল। অৰ্থৰ বিষয়ে কলে যে সেই নিমিত্তে চিন্তা কৰা ন্যায় হলেও অসঙ্গত। কিয়নো তেওঁক যেতিয়া তেওঁৰ পৰিবাৰতে লৈছে তেতিয়া সকলো সাহায্য কৰিব। গুণাভিৰামৰ মত বিবাহ নকৰোৱাৰ পোনেই হল। ফুকন ফুকননী বৰ দুখিত হৈ উজনিলৈ পত্ৰ লিখিলে। সিফালে ছোৱালী বিবাহ নিদিলে নহয়। উজনিত সেই কন্যাৰ বিবাহৰ স্থিৰ হল।

 ফ্ৰেব্ৰুৱাৰী মাহত গুণাভিৰামে অনেক আলোচনা কৰি ফুকনলৈ লিখিলে তেওঁ ছোৱালী বিবাহ কৰাব কিন্তু কাৰ্ত্তিকৰ পূৰ্ব্বে যাব নোৱাৰে। ফুকনে সেই মততে মত দি উজনিলৈ লিখিলে সকলোৰে আনন্দ হল।

 দৰিদ্ৰসকলৰ চিকিৎসাৰ নিমিত্তে এটি দৰিদ্ৰচিকিৎসালয় কৰিব নিমিত্তে বটলৰ চাহাবে সৈতে ফুকনে আলাচনা কৰিলে। চাহাবৰ মত হল। তেতিয়া ডাক্তৰী ঔষধ আৰু চিকিৎসাৰ প্ৰতি