পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
আনন্দৰাম ঢেকিয়াল
 


সেই কলেজত আইন পঢ়িবলৈ ধৰিলে। তেওঁৰ প্ৰথমে সকলোৱে সৈতে খৰচ মাহিলি ৮ টকাৰ অধিক নহৈছিল। এই খৰচ ফুকনৰ পুস্তক ছপোৱাৰ খৰচৰ লগতে চলিছিল। আইন পঢ়িব লগীয়া হোৱাত মাহিলী ৫ টকা মাচুল দিবলগীয়া হল। কলি- কতাৰপৰা ফুকনে কিতাপ আৰু আন যি যি বস্তু সময়ে সময়ে অনাইছিল সেইবিলাক নবীনবাবু আৰু গুণাভিৰামে পঠাইছিল। গুণাভিৰামে যেতিয়া কলিকতাৰ সকলো আওভাও পোৱা হল তেতিয়া সকলো কৰ্ম্ম তেওঁৱেই কৰিছিল। বিজনী ৰজাৰ সম্পত্তিৰ ওপৰত ফুকনে দৰমহা ইত্যাদি বাবে যি দাবী কৰি- ছিল সেই দাবীৰ বিষয় কালেক্টৰ ও কমিচনৰে উপকাৰ জনক মীমাংস৷ নকৰাত বোৰ্ড আৰু গবৰ্ণমেণ্টকো জনাবলগীয়া হৈছিল। সেই বিষয়ে এবাৰ ফুকনে গুণাভিৰামক মোখ্তাৰ নিযুক্ত কৰিছিল। বোৰ্ডৰপৰা সেই বিষয় পুনৰালোচনাৰ নিমিত্তে কাকত কমিচনৰ চাহাবৰ তলৈ ঘূৰি আহে। পঢ়া শুনাত গুণাভিৰামৰ যি অলপ উন্নতি হল তাত ফুকনে বৰ সন্তোষ পাইছিল।

 ফুকননীৰ ভ্ৰাতৃ দুৰ্গাচন্দ্ৰ আৰু ভগিনী ব্ৰজসুন্দৰী উজনি যোৰহাটত তেওঁবিলাকৰ ঘৰত আছিল। দুৰ্গাচন্দ্ৰক বলৰাম ডেকা ফুকনে লগুণ দিলে। ব্ৰজসুন্দৰীৰ বিবাহৰ সময় হল। যদিচ তেওঁবিলাক তেওঁবিলাকৰ ঘৰতে আছিল তথাপি ফুকনৰ আৰু ফুকননীৰ কৰ্তৃত্বাধীন একপ্ৰকাৰে যোৱা নাছিল। ফুকন আৰু ফুকননীৰ ইচ্ছা হল যে দুৰ্গাচন্দ্ৰ আৰু ব্ৰজসুন্দৰী তেওঁবিলাকৰ লগলৈ আহে, ব্ৰজসুন্দৰীক গুণাভিৰামত বিয়া দিয়ে আৰু দুৰ্গাচন্দ্ৰও পঢ়ি শুনি বিবাহ কৰাই গুৱাহাটীত বা নগাঁওতে থাকে। এই ভাবি গুণাভিৰামলৈ ব্ৰজসুন্দৰীক দিবলৈ আৰু দুৰ্গাচন্দ্ৰক পঠাবলৈ ফুকনে বলৰাম ডেকা ফুকনলৈ চিঠি লিখে। ডেকা ফুকন এই প্ৰস্তাৱত সন্মত হয়।