পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৩৩
 


বলৰাম ফুকনে সৈতে নগাঁওলৈ আহে। বাটতে আহোতে ৰাধিকা বাপাৰ ডিঙ্গিত ঘা হয়, সেই নৰিয়াও আৰোগ্য হয়। সময়ে সময়ে ফুকনে কেতিয়াবা হাতী বা ঘোঁৰাত উঠি নগাঁওৰ ওচৰৰ গ্ৰাম্যশোভা চাবলৈ গৈছিল। বৰ্ষাকালত জেইলৰ ইন- স্পেক্টৰ জেনেৰেল ডাক্তাৰ মৌৱাট চাহাব নগাঁওলৈ আহে। বহুদিনৰ পাচত ফুকনক দেখি তেওঁ বৰ সন্তোষ পালে। ১৮৫৬, চনৰ ২৭ ডিচেম্বৰ ১৭৭৮ শকৰ ১৪ পৌষত শনিবাৰে ৯॥০ বজা পূৰ্ব্বাহ্নে ফুকননীৰ এটি পুত্ৰ জন্মে, এই পুত্ৰটিৰ নাম অন্নদাৰাম | এইবাৰ ফুকননীৰ তিমান প্ৰসৱকষ্ট নহল। এই পুত্ৰ হোৱাত ফুকনে আৰু আন সকলো বন্ধুবান্ধৱে বৰ সন্তোষ পালে। ঈশ্বৰে এই পুত্ৰটিকো দীৰ্ঘজীৱী আৰু সৌভাগ্যৱন্ত কৰোক।

 ফুকনৰ পিতামহী বলৰাম ফুকনৰ লগত আছিল। তেওঁ ইয়াৰ কিছুদিন পূৰ্ব্বে নগাঁওলৈ আহি ফুকনক আৰু তেওঁৰ পুত্ৰ কন্যা দেখি বৰ সন্তোষিত হল। কিছুদিনলৈ ইয়াত থাকি আকৌ গুৱাহাটীলৈ গল। তাতে কিছুদিন থাকি পৌষত পৰ- লোকলৈ গমন কৰিলে। এই বাৰ্ত্ত৷ পাই ফুকন বৰ দুখিত হল। তেওঁৰ শ্ৰাদ্ধাদি বিষয়ে ফুকনে ইয়াৰপৰা মীমাংসা কৰি পঠালে।

 বটলৰ চাহাব বিদায়ৰপৰা আহিল, লেম্ব চাহাব নগাঁওৰ পৰা গল। বেজবৰুৱাৰ ঘৰৰ পূৰ্ণানন্দ বৰুৱা ১৮৫৭ চনৰ জানুৱাৰীৰ আদিতে নগাঁওলৈ আহি ফুকনে সৈতে সাক্ষাৎ কৰিলে। পূৰ্ণানন্দৰ মুখে ফুকনে উজনিৰ বাৰ্ত্তা শুনি বৰ তৃপ্ত হৈছিল।

 গুণাভিৰামে কলিকতাত নবীন বাবুৰ লগত থাকি কলুটোলা ব্ৰাঞ্চ স্কুলত ভৰ্ত্তি হল। ১৮৫৪ চনত জুনিয়ৰ স্কলাৰচিপ্ পৰীক্ষোত্তীৰ্ণ হৈ প্ৰেচিডেন্সি কলেজত প্ৰবেশ হল। তাত দুবছৰ পঢ়ে। কলেজৰ দ্বিতীয় বাৰ্ষিক পৰীক্ষাত গুণাভিৰাম কৃতকাৰ্য্য় হব নোৱাৰিলে। প্ৰথমে তেওঁ মেডিকেল কলেজত ডাক্তৰি শিক্ষা কৰিব খুজিছিল, পাচে ফুকনে সেই বিষয় পৰামৰ্শ নিদিয়াত