পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ষষ্ঠ অধ্যায়

 ১৮৫৫ চনৰ আদিতে আকৌ আনন্দুৰাম ফুকনে সেই জান বন্ধোৱাৰ বাবে মফস্বল ফুৰিবলৈ ধৰিলে। সেই সুযোগতে যত যত স্কুল আছিল তাকো চালে। কলীয়াবৰৰ উজনীত ব্ৰহ্মপুত্ৰ আৰু কলঙ্গৰ আৰু দীফলু নদীৰ মাজেৰে অতি অলপ ঠাই কাটি দিলে ব্ৰহ্মপুত্ৰে কলঙ্গে একে হয়, সেই হলে আড়িকাটি মুখ বন্ধ হলেও কলঙ্গত বাৰিষা খৰালি পানী থাকে। খৰালি হলে কলঙ্গৰ ওপৰ মুখ (আড়িকাটি মুখ) বন্ধ হোৱাত কলঙ্গত খৰালি পানী নাথাকে। লোকৰ মহা কষ্ট হয়। সেই কাৰণে ফুকনে সেইডোখৰ ঠাই কটাবলৈ যত্ন কৰিছিল। মফস্বল ফুৰোতে যিমান প্ৰাচীন সত্ৰ আছে সেইসকলৰ অনেক ফুকনে চাইছিল আৰু মহন্তসকলে বৰ আদৰেৰে ফুকনক অভ্যৰ্থনা আৰু আশীৰ্ব্বাদ কৰিছিল। এইবাৰ অনেক জান বন্ধা সম্পূৰ্ণ হল। এবাৰ ফুলগুৰীৰপৰা আহোঁতে কলঙ্গৰ গৰাৰপৰা ফুকন উঠা হাতী পিছলি দৈবাৎ পৰিছিল৷ ঈশ্বৰৰ ইচ্ছাত ফুকন ৰক্ষা পৰিল৷

 ফুকনৰ লৰাটিকে ছোৱালীটিকে মাঘ মহীয়া ইংৰাজীমতে টিকা দিয়া হৈছিল৷ ছোৱালীটিৰ ইতি পূৰ্ব্বে এবাৰ টিকা হৈছিল। অসমীয়া ভাষাৰ বিষয় ব্ৰন্চন চাহাব আৰু বটলৰ চাহাবে সৈতে ফুকনে সদাই আলোচনা কৰিছিল। অসমীয়া অভিধান