পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
আনন্দৰাম ঢেকিয়াল
 


এটি চাঙ্গ বঙ্গলা শোৱনি-ঘৰ কৰা হল আৰু বৈঠকখানা বঙ্গলাৰ আগত সুন্দৰ ফুলৰ বাগিচা কৰা হল। আন যি যি ঘৰ আৱশ্যক সকলো প্ৰস্তুত হলত তেওঁ স্থিৰ হল।

 অসম দেশত যিবিলাক লাখেৰাজ মাটি আছে তাৰ ওপৰত লাখেৰাজদাৰ আৰু গবৰ্ণমেণ্টৰ আৰু প্ৰজাৰ স্বত্ব সম্পৰ্কে এই পৰ্য্যন্তে কোনো বিশেষ আলোচনা হোৱা নাছিল। যি হৈছিল সি গবৰ্ণমেণ্টৰ কৰ্ম্মচাৰীসকলৰ দ্বাৰাইহে হৈছিল। মাজতে ফুকনে মিলচ চাহাবক যি আবেদন পত্ৰ দিয়ে তাত এই বিষয় উল্লেখ কৰিছিল। কামৰূপৰ কালেক্টৰ ৰৌলত চাহাবে ফুকনৰ মত অতি ভাল পাইছিল আৰু আদৰ কৰিছিল। তেওঁলৈ ফুকনে লাখেৰাজ সম্পৰ্কে বিস্তৰ হেতুবাদৰ এক দীৰ্ঘ প্ৰবন্ধ লিখি পঠায়। কামৰূপৰ পৰ্ববতীয়া গোঁসাইউৰুৰ কিবা লাখে- ৰাজ সম্বন্ধীয় মোকৰ্দ্দমাত ৰৌলট চাহাবে ফুকনৰপৰা এই বিষয়ে তেওঁৰ মত সুধি পঠায়।

 ফুকনৰ মাতামহৰ ঘৰ মাজুলীৰ আহতগুৰী সত্ৰ। তেওঁৰ মাতৃ পিত্ৰালয়লৈ যাবলৈ ইচ্ছা কৰাত আশ্বিনৰ ৯ তাৰিখে (২১ অক্টোবৰ) তেওঁক যথাযোগ্য মতে পঠালে। ফুকনৰ লগত বিস্তৰ লোক। সকলো বস্তুকে কিনিব লাগে। নগাঁওৰ বালী- জুৰী নামে ঠাইত কিছুমান মাটি লৈ তেওঁ খাত এখান কৰালে। তাৰপৰা ধান পায়। তথাপি তেওঁৰ যি বেতন তাৰে নাটে। গুৱাহাটীৰপৰাও সময়ে সময়ে অনেক বস্তু আহিছিল। তেওঁৰ মাতৃ মাজুলীলৈ যাবৰ দিনা হাতত টকা অধিক নথকাত তেওঁ বৰ দুখিত হৈছিল। কাৰ্ত্তিকৰ ২৯ তাৰিখে তেওঁৰ মাতৃ মাজু- লীৰ পৰা ঘূৰি আহিল। ইমান খৰখেদা নহলহেঁতেন, কেৱল কলঙ্গৰ নদীৰ উজনী মুখ (আড়িকাটী মুখ) মাৰ যাবৰ আশ- ঙ্কাতহে ইমান শীঘ্ৰে অহা হল। তেতিয়াও অসম দেশত স্কুল আৰু কাছাৰীত বঙ্গলা ভাষা চলিছিল। পাদ্ৰীসকলে অসমীয়া