পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
আনন্দৰাম ঢেকিয়াৰ
 


 পূৰ্ব্বে নগাঁওত এজন জুনিয়ৰ এচিষ্টেণ্ট আছিল। ফুকন আহিবৰপৰা সেই পদ শূন্য হয়। ১৮৫৪ চনৰ এপ্ৰেল মাহত আনন্দৰাম ফুকনক গবৰ্ণমেন্টে আসাম কায়দাবন্দীমতে জুনিয়ৰ এচিষ্টেণ্টৰ ক্ষমতা দিলে। তেওঁ সদৰ আমীনৰ ক্ষমতাও পালে। তাৰ দ্বাৰাই তেওঁৰ এবছৰ ফাটেক দিব পৰা ক্ষমতা হল। ৰাজস্ব বিভাগত তেওঁ ডেপুটী কালেক্টৰৰ ক্ষমতাৰে কাৰ্য্য কৰি- ছিল আৰু দেৱানীত সদৰআমীনৰ ক্ষমতাৰে কাৰ্য্য কৰিছিল। সেই এপ্ৰেল মাহতে লেপ্টেনেণ্ট লেম্ব চাহাব আহি নগাঁও জিলাৰ চাৰ্য্য গ্ৰহণ কৰে। ফুকনে কাছাৰীত নিয়মিতৰূপে বিচাৰ কাৰ্য্য কৰিছিল। আৰু সময়ে সময়ে জানবিলাক বন্ধাবলৈ বা বন্ধোৱা চাবলৈ গৈছিল। ইফালে বাৰিষা আগত প্ৰায়, তেও জানবিলাক বন্ধা সমাপ্ত নহল। লেম্ব চাহাবে ফুকনক বৰ নিৰুৎসাহী কৰিলে। এই কাৰণে তেওঁ বৰ দুখিত হৈ অধিক যত্নেৰে কাৰ্য্য সম্পাদন কৰিবলৈ ধৰিলে। কাৰ্য্য একপ্ৰকাৰ শেষ হল। যেতিয়া বাৰিষা হল ব্ৰহ্মপুত্ৰ আৰু কলঙ্গৰ পানী বাঢ়িল। অনেকবিলাক বিশেষকৈ বৰ বৰ জানবিলাক বন্ধ হল। কিছুমান জান ভাগিল ৷ তাক ৰক্ষা কৰা টান হল। নগাঁওৰ সদৰ মোকাম খাগৰিজানৰ সিপাৰে হয়বৰ গাঁও। বটলৰ চাহাবৰ দিনত তাক নগাঁও চহৰৰ লগ লগোৱ৷ হৈছে। কাছাৰীৰ ঘাটে সিপাৰে হয়বৰ গাঁওলৈ এখান কাঠৰ খুটাৰ ওপৰত বাঁহৰ চাঙ্গ্ দিয়া দলঙ্গ আছিল। নদীৰ বালিত খুটা পুতিবলৈ বৰ সুবিধা নোহোৱাত দলঙ্গৰ মাজডোখৰ তেনে শকত নাছিল। প্ৰথমে বৰ্ষা হলত কলঙ্গেৰে অনেক খাগৰি কাঠ উটি আহিছিল। সেই খাগৰিৰ জাঁজী আহি দলঙ্গৰ খুটাত লাগি আছিল। সেই জাঁজীবিলাকত পানীৰ সোঁত বৰ প্ৰবল বেগে পৰাত ১৮৫৪ চনৰ ২৬ জুন তাৰিখে দলঙ্গৰ মাজডোখৰ ভাগি পৰিল। তাৰ পাছদিনা আৰু অনেক খুটা ভাগি দলঙ্গত বৰ অনিষ্ট কৰিবলৈ ধৰিলে। দলঙ্গ থকাত