পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১২৩
 


মধু বাপুৰ জীয়েক কেতেকীৰ সৈতে ধৰ্ম্মদত্তক ফুকনে বিবাহ কৰাই দিলে। ধৰ্ম্মদত্ত সস্ত্ৰীক যেতিয়া ঘৰলৈ আহিল ফুকন ফুকননী দুইও বৰ সন্তোষ পালে।

 মাৰ্চ্চ মাহৰ আদিতে বট্লৰ চাহাব গুৱাহাটীত ডেপুটী কমিচনৰ হৈ যোৱাত ফুকনে আকৌ জিলাৰ সম্পূৰ্ণ ভাৰ পালে। এতিয়াৰ দৰে তেতিয়াও নগাবিলাকে বৰ দৌৰাত্ম্য কৰিছিল ৷ মাৰ্চ্চ মাহৰ ১৭ তাৰিখে সংবাদ আহিল বোলে কেতবিলাক নগাই চাৰিখান মিকিৰ গাঁওৰ মানুহ কাটিলে। ফুকনে এই সংবাদ পাই প্ৰথমে মিকিৰ গাঁওলৈ যাবলৈ ইচ্ছা কৰিছিল পাছে নিজে নগৈ পুলিচৰ প্ৰতি আজ্ঞা দি কমিচনৰ চাহাবলৈ ৰিপৰ্ট কৰিলে আৰু লেখিলে যে যদি আজ্ঞা কৰে তেওঁ সেই গাঁওলৈ যাব পাৰে। কমিচনৰ চাহাবে তেওঁক সেই ঠাইলৈ যাবলৈ আজ্ঞা নিদি নগাহঁতক দমাবলৈ আন উপায় অবলম্বন কৰিলে। নগাঁওৰ চাপৰি মহল আৰু আন আন ঠাইত অনেক জান আছে। বাৰিষা সেইবিলাকৰ কেতবোৰেৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই চাৰিওফালে আপ্লাবিত কৰি শস্য নষ্ট কৰে। সেইবিলাক জান বন্ধাবলৈ ফুকনৰ ওপৰত ভাৰ অৰ্পিত হল। তেওঁ সেইবিলাক জান বন্ধাবলৈ লোক নিযুক্ত কৰি দিলে আৰু সময়ে সময়ে তাক চাবলৈ গৈছিল। প্ৰজাবিলাকে জান বন্ধাত সাহায্য কৰিবলৈ অনিচ্ছা কৰাত তেওঁ গাঁওৰ মুখ্য মুখ্য লোক- সকলক মতাই আনি মেল কৰি সেই কৰ্ম্ম কৰাবলৈ সন্মত কৰাই দিছিল। তাৰ দ্বাৰাই অতি অল্প ব্যয়েৰে কাৰ্য্য সমাধা হল। ৰায়তবিলাকে বুজিব পাৰিলে যে সেই জান সিহঁতৰ উপকাৰৰ নিমিত্তেহে বন্ধোৱা হৈছে। এই উপলক্ষে বাৰিষালৈকে তেওঁ নগাঁওৰ চাপৰি মহল, যমুনামুখ, কলীয়াবৰ প্ৰভৃতি ঠাই ভ্ৰমণ কৰিলে৷ গৰীয়াজান, ডিমৌজান, কঁহাৰজান প্ৰভৃতি অনেক জান ফুকনে বন্ধোৱালে।