নাই। ইংৰাজী কথা কবলৈ বা লেখিবলৈ তেওঁৰ বৰ অভ্যাস আছিল। ইংৰাজে সৈতে আলাপ কৰোতে তেওঁৰ আলাপ শুনি কোনো ইংৰাজেহে যেন কথা কৈছে এনে অনুমান হয়। লেখাতো সেইৰূপ আছিল। বঙ্গলা ভাষাতো তেওঁৰ সেইৰূপ অধিকাৰ আছিল। তেওঁৰ বঙ্গলা কথোপকথন শুনিলে তেওঁক কলিকতা অঞ্চলৰ বঙ্গালী বুলি বিশ্বাস হৈছিল। পাৰচী লেখাত তেওঁৰ সামান্য অধিকাৰ আছিল। উৰ্দ্দুৰে কৰা কথাবাৰ্ত্তা কব পাৰিছিল। সংস্কৃত তিমান ভালকৈ কথা কব পৰা বা ৰচনা কৰিব পৰা অধিকাৰ নাছিল। অসমীয়া ভাষাৰ বিষয়ে তেওঁ বিশেষ যত্ন কৰিছিল। কোনো অসমীয়া ভাল শব্দ থাকিলে তাৰ পৰিবৰ্ত্তে সংস্কৃত কি আন শব্দ বাৱহাৰ কৰিবলৈ তেওঁ ভাল নাপাইছিল। পূৰ্ব্বে অসমীয়া মানুহে অসমীয়া মানুহৰ তালৈ চিঠি লেখিলে বঙ্গালী ভাষাৰে লেখিছিল। তেওঁ সেইৰূপ নকৰিছিল। অসমীয়াই বঙ্গালী চিঠি লেখিলেও অসমীয়াকৈ তেওঁ উত্তৰ দিছিল। অসমীয়া ভাষাত চিঠি-পত্ৰ লেখোঁতে পঠাৰ বৰ বিবেচনা নাছিল। তেওঁ যাৰে যাৰে পত্ৰালাপ কৰিছিল তাৰে সৈতে পাঠাপাঠৰ বিবেচনা কৰি লিখিছিল। এইৰূপে অসমীয়া ভাষা সাধাৰণত প্ৰচলিত হবলৈ তেওঁ বৰ উদ্যোগ কৰিলে। আৰু বাট কাটিলে। পিতৃজন৷ ঢেকিয়াল ফুকনৰ আসাম বুৰঞ্জীৰ আদৰ্শেৰে তেওঁ এখান আসাম বুৰঞ্জী কৰিবলৈ ইচ্ছা কৰিছিল কিন্তু সেই ইচ্ছা অনুসাৰে কাৰ্য্য কৰিব নোৱাৰিলে। তেওঁৰ অসম্পূৰ্ণ আইনৰ ও ব্যৱস্থাৰ অনুবাদ পৰিবাৰ সকলৰ নানা ঠাইলৈ যাব লগীয়া হোৱাত বিশৃঙ্খল হল। অঙ্ক কি বিজ্ঞান শাস্ত্ৰত ফুকনৰ তিমান বিজ্ঞতা নাছিল। ন্যায় অলঙ্কাৰ মনবিজ্ঞান প্ৰভৃতি শাস্ত্ৰৰো সাধাৰণ নিয়ম মাত্ৰ জানিছিল। ব্যৱস্থা শাস্ত্ৰত তেওঁ বৰ পাৰ্গত আছিল। সদৰ আদালতৰ নজিৰ আৰু আইন ও ব্যৱস্থ৷ সংগ্ৰহ পুস্তকৰ দ্বাৰাই তেওঁৰ সেই বিষয়ৰ সংকলন আৰু ব্যাপক শক্তি বিশেষৰূপে জানি।