পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
আনন্দৰাম ঢেকিয়াল
 


চব এচিষ্টেণ্ট মেং ষ্ট্ৰং চাহাব মৃত্যু হোৱাত সেই পদ শূন্য হল। ফুকন তালৈ যাব লগীয়া হল। ইয়াৰ কিছুদিন পূৰ্ব্বে তেওঁৰ মাতৃ দুজনা প্ৰয়াগ পৰ্য্যন্ত তীৰ্থ কৰি বৰপেটালৈ আহিল। ফুকনে ভাবিলে যে সপৰিবাৰে উজাই যাব লগীয়া হলে বৰ অসুবিধা, এই ভাবি তেওঁৰ পৰিবাৰসকলক নৌকা যোগে পূৰ্ব্বেই পঠালে। ফুকনৰ লগত তেতিয়া প্ৰায় ৪১ জন লোক আছিল। ইয়াৰ পূৰ্ব্বেই চান্দকুচীয়া বৰুৱাৰ চান্দকুচীৰ খাত আৰু নগোঁসাই- উৰুৰ মাজৰ খাত নামে ব্ৰহ্মওৰ মাটি আৰু বেহাৰবাড়ী ফুকনে ক্ৰয় কৰিছিল। খাৰাধৰা খাতৰপৰা ধান চাউল ইত্যাদিত বৰ সাহায্য পাইছিল। তেতিয়া বস্তু-বেহানি তিমান মূল্যবান নাছিল ৷

 ফুকনৰ কৰ্ম্মত বৰপেটালৈ ড্ৰাইবৰ চাহাব নিযুক্ত হল। ১৯ জুনত ড্ৰাইবৰ চাহাবক বৰপেটা মহকুমাৰ চাৰ্য্য দিলে। এজন হাকীম বদলি হলে তেওঁৰপৰা চাৰ্টিফিকেট বা সুখ্যাতি পত্ৰ লোৱা আমোলা আৰু আন মানুহে বৰ আৱশ্যক বোধ কৰে৷ ফুকনেও অনেকক চাৰ্টিফিকেট দিলে। তেওঁক সাক্ষাৎ কৰিবলৈ ইমান মানুহ আহিছিল যে ৰাতি ১২ বজালৈকে তেওঁ সকলোকে সম্বোধন কৰিব লগীয়া হৈছিল। পাছদিনা ফুকনে যাত্ৰা কৰিলে। সৰু ক্ষেত্ৰী পৰগণাত বণিয়াকুচী নামে এখান গ্ৰাম আছে। তাত এখান সত্ৰ আছে। সেই সত্ৰৰ গোঁসাই বিলাক ব্ৰাহ্মণ। তেওঁবিলাকে সৈতে ফুকনৰ ঘৰৰ বহু- দিনৰপৰা মিত্ৰতা। ফুকনৰ ঘৰৰ বিস্তৰ বেটী বন্দী আছিল। সকলোবিলাক সেই বণিয়াকুচীৰ গোঁসাইৰ শিষ্য। ফুকনে বণিয়াকুচীৰ গোঁসাইউৰুৰে সৈতে সাক্ষাৎ কৰিলে। তাত পাছ দিন৷ বাটতে হাজোৰ সমীপত ফুকনে তেওঁৰ পৰিবাৰৰ নৌকা লগ পালে৷ তাৰপৰা গৈ দলীবাৰী পছৰীয়াৰ ওচৰত ৰাতি থাকি পুৱা গুৱাহাটী পালে। ফুকনে হাজো দেৱালয়ৰ ওচৰেৰে হাজো সুতীৰে গুৱাহাটীলৈ আহিল। গুৱাহাটীত জেনকিনচ