পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১১৫
 


আন ঠাইৰ মানুহো দুফলীয়া হৈছিল। আনন্দৰাম ফুকনে বৰপেটা, গণককুচি, পাটবাউসী বাৰাদী, সুন্দৰীদিয়া প্ৰভৃতি সত্ৰলৈ গৈ তাৰ সকলো কথ৷ অৱগত হল। সমূহ সত্ৰীয়াৰ মাজত এবাৰ হুৰামুৰা লগাত ফুকনে এই সত্ৰৰ ভিতৰতে এট৷ বাটচ'ৰাত বহি শোধ- পোছ কৰিছিল। সেই সময় এনে হৈছিল যে কেতিয়া কোন পক্ষে কাৰে সৈতে মৰামৰি কৰে তাৰ নিৰ্ণয় নাই। এদিন ঘৰত থাকোতে বৰপেটা সত্ৰত হুৰামূৰা লগা বাৰ্ত্ত৷ পাই ফুকনে সত্ৰলৈ গল, পাছে ফাটকৰ ওচৰৰপৰা ঘূৰি আহিল।

 ১৮৫৩ চনৰ ৯ জনুেৱাৰী ৰবিবাৰ ১৭৭৪ শকৰ ১৭ পৌষত অমাৱস্যাত ফুকনৰ পত্নীৰ এটি কন্যা জন্মে। এই কন্যাৰ নাম কোষ্টিত প্ৰকাশ্য নাম লক্ষ্মী আৰু গুপ্ত নাম ফল্গুপ্ৰভা। কলিকতাত সেই সময়ত মাসিক পত্ৰিকা নামে এখানি সৰুপুথি মাহিলি প্ৰকাশিত হৈছিল৷ সেই পুথিত পদ্মাৱতী নামে এটি কন্যাৰ কথা আছিল। ফুকনে সেই ছোৱালীৰ নাম ভাল পাই তেওঁৰ কন্যাৰ নাম পদ্মাৱতী থলে। এটি সন্তান মৰাৰ পাছত এই কন্যা হোৱাত তেওঁ বৰ আদৰ পাবলৈ ধৰিলে।

 বৰপেটা কামৰূপৰ এখান মহকুমা। তাত বিস্তৰ লোক নাই। তাৰ লোকসকল বৰ দুষ্ট বুলি প্ৰসিদ্ধ। প্ৰকৃততে তাৰ লোকসকলে নিজৰ স্বত্ব ভালকৈ বুজে। ফুকনৰ দিনত তেনে দুষ্টালিৰ কথা প্ৰকাশ নহল। তাত এজন মুনচেফ আছিল। ফুকনে তাৰ যি অল্প সংখ্যক ভদ্ৰলোক আছে তেওঁলোকৰে সৈতে সময়ে সময়ে আলাপ কৰিছিল। সত্ৰ আৰু আন ঠাইৰ মহন্ত আৰু আন ভদ্ৰলোকসকল তেওঁৰ তালৈ গৈছিল। সুন্দৰীদিয়াৰ অতিৰাম বৰুৱা আৰু ব্ৰহ্মচাৰী বাৱাৰ দিনত হাদীৰা চকিত কৰ্ম্ম কৰা হৰিপ্ৰসাদ চৌধুৰী আৰু গঙ্গা প্ৰসাদ চক্ৰৱৰ্ত্তী মাজে মাজে আহিছিল। সেইসকলৰ মুখে তেওঁ নানাবিধ গল্প শ্ৰৱণ কৰিছিল।