পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পঞ্চম অধ্যায়

 ১৮৫২ চনৰ ২৭ অক্টোবৰত আনন্দৰাম ফুকনৰ পত্নী আৰু মাতৃ ইত্যাদি বৰপেটালৈ যায়, সেইদিনাই সেই মাহৰ ১৪ অক্টোবৰত তেওঁৰ নিয়োগ গবৰ্ণমেন্টে গ্ৰাহ্য কৰ৷ বাৰ্ত্তা গেজেটত পালে। জেনকিনচ্ চাহাবে তেওঁলৈ চৰকাৰী আৰু ঘৰুৱা যি চিঠি লিখিছিল তাকো তেওঁ পালে। এইবিলাক পাই তেওঁ পৰমেশ্বৰক অতি সন্তোষচিত্তে ধন্যবাদ কৰিলে। ফুকনৰ বেতন মাসিক ২৫০ টাকা হল। জেনকিনচ্ চাহাবে ফুকনক এই পদ স্থায়ী ৰূপে প্ৰাপ্তিত বৰ আনন্দ প্ৰকাশ কৰিলে। কৰ্ণেল মেথী চাহাব তাৰ পূৰ্ব্বেই বাৰাকপুৰত আছিল। তেওঁ ফুকনৰ উন্নতিৰ বাৰ্ত্ত৷ পাই অতিশয় সন্তোষ প্ৰকাশ কৰি চিঠি লিখিলে। মেথী চাহাবে এই মৰ্ম্মে লিখিলে যে “তোমাৰ উন্নতিত সন্তোষ পালোঁ। দেখা! তুমি যদি কৰ্ণেল জেনকিনচ্ আৰু মোৰ পৰামৰ্শ শুনি কলিকতালৈ নগলাহেঁতেন তাত ভালকৈ নপঢ়িলা- হেতেঁন তুমি সমুদায় জীৱন দৰিদ্ৰ আৰু সম্ভ্ৰমহীন হলাহেতেঁন | এতিয়া তুমি অসমদেশত কাম কৰা বঙ্গালী আৰু অসমীয়া সকলোতকৈ ডাঙ্গৰ বিষয় পাইছ৷ আৰু ইমান উচ্চ বেতন পোৱা আৰু ডাঙ্গৰ বিষয় পোৱা তুমিয়েই প্ৰথম। তুমি যে জেনকিনচ্ চাহাবৰ অনগ্ৰহ বুজিব পাৰিছা ইয়াক তোমাৰ নিজৰ চৰিত্ৰ আৰু বৈষয়িক কাৰ্য্যৰ দ্বাৰাই দেখুৱাবা আৰু গবৰ্ণমেণ্টৰ প্ৰতি কৃতজ্ঞ