পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১০৯
 


নাও ডুবি লাটুমাৰ শিলত পানীত নষ্ট হল। ইও ফুকনৰ পক্ষে এটা অসুখৰ কাৰণ হল। ফুকনৰ উদৰ মন্দ হৈছিল, বিশেষ সেই সময়ত গুৱাহাটীত অতিশয় মাৰী ভয় হৈছিল। শীতল সিংহ ডাক্তৰে তেওঁক চিকিৎসা কৰিছিল। তেওঁ নৌকা আৰু হস্তী আৰোহণ কৰি গুৱাহাটী নগৰত আৰু তাৰ ওচৰৰ ঠাইত বায়ু সেৱন কৰিছিল। তেওঁ বিজনীৰ কাৰ্য্য আৰু আইন অনুবাদতে ব্যস্ত আছিল ৷১৮৫২ চনৰ ২৫ চেপ্তেম্বৰত জেনকিনচ্ চাহাবে ফুকনলৈ চিঠি লিখি মাতি পঠালে আৰু লিখিলে যে অকস্মাৎ চবএচিষ্টেণ্টসকলৰ মধ্যত এট পদ শূন্য হৈছে। ফুকন চাহাবৰ ঘৰলৈ যোৱাত চাহাবে কলে বৰপেটাৰ হডচন চাহাব জুনিয়ৰ এচিষ্টেণ্ট হৈ গুৱাহাটীলৈ যাব আৰু তেওঁ বৰপেটালৈ যাব লাগিব। ফুকন সকৃতজ্ঞ চিত্তে এই প্ৰস্তাৱত সন্মত হল। চাহাবে গবৰ্ণমেণ্টলৈ লিখিলে। ফুকন বিজনীৰ দেৱান আছিল সেইবাবে বিজনীৰ ৰজাৰে সাক্ষাৎ কৰা ভাল হেন জানি তেওঁ তালৈ যাবলৈ স্থিৰ কৰিলে। চেপ্তেম্বৰৰ শেষত গোৱালপাৰালৈ গল। বলৰাম ফুকন ইয়াৰ পূ্ৰ্ব্বে গোৱালপাৰালৈ গৈছিল; তেওঁৰে তাত সাক্ষাৎ হল৷ তেওঁ এই নিয়ম কৰিলে যে অলঙ্কাৰাদি ওভোতাই দিব আৰু বিজনী ৰজাৰ ওপৰত তেওঁৰ যি পাউনি আছে তাৰপৰা ৬০০০্ টকাৰ ভিতৰত ১৩০০্ টকা বৰাত দিব। ফুকন ইয়াতে সন্মত হল। বলৰাম ফুকন কাশীলৈ যাবলৈ ওলাইছিল। তেওঁৰ লগতে আনন্দৰাম ফুকনৰ মাতৃ আৰু বিমাতাউৰুও যাবৰ স্থিৰ হল। ফুকনে সম্প্ৰতি তেওঁৰ বহুদিনীয়া মোখ্তাৰ আৰু বিজনী ৰজাৰো মোখ্তাৰ ৰামচন্দ্ৰ বিশ্বাসক বিজনীৰ পেচ্কাৰ নিযুক্ত কৰিবৰ মন কৰিলে। পাচে তেওঁ অক্টোবৰৰ আদিতে বিজনীলৈ গৈ ৰজাই সৈতে সাক্ষাৎ কৰি সকলো কথা-বাৰ্ত্তা কলে। ৰামচন্দ্ৰ বিশ্বাস পেচকাৰ নিযুক্ত হল। তেওঁৰ ঘি হিচাপ আছিল তাকো