পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
আনন্দৰাম ঢেকিয়াল
 


ঘাটলৈ গৈ বিশেষ কোনো কাৰ্য্য নহল। প্ৰজাৰ মন পূৰ্ব্বৱতে থাকিল৷ তাৰপৰা ফুকন গুৱাহাটীলৈ আহি ২৫ আগষ্টত ঘৰ পালে। কন্যাৰ মৃত্যুৰ নিমিত্তে তেওঁ বৰ দুখিত হল।

 কমিচনৰ চাহাবলৈ বোৰ্ডে যি ৰিপৰ্ট খুজি পঠাইছিল তাক চাহাবে লিখিবৰ নিমিত্তে প্ৰস্তুত হল ৷ গোৱালপাৰাৰ কালেক্টৰ চাহাবেও স্থানীয় অৱস্থা লিখি চিঠি লিখিলে। কমিচনৰ চাহাবে ৰিপৰ্ট লিখিবৰ দিনা ফুকন কাছাৰীতে থাকি অনেক বিষয় কোৱামেল৷ কৰিছিল।

 জমীদাৰ আৰু প্ৰজাৰ ভিতৰত যি স্বত্ব সেইটো তেনে ভালকৈ তেতিয়৷ স্থিৰ নাছিল। বিজনীৰ ৰজা আৰু প্ৰজাৰ বিৰোধতে ফুকনে ভালকৈ জানিলে। বিশেষ সাধাৰণে জানিব পৰা বঙ্গল৷ ভাষাতে দেৱানী মোকৰ্দ্দমাৰ বিচাৰ সংক্ৰান্ত কোনো পুস্তক নাছিল। এই কাৰণে “মেক ফৰ্চনৰ চিবিল প্ৰচিডৰ” নামে ইংৰাজী পুস্তকৰ আদৰ্শ লৈ দেৱানী মোকৰ্দ্দমাৰ বিচাৰ সংক্ৰান্ত আইনৰ সাৰ সংগ্ৰহ নামে এখান পুথি ৰচনা কৰিবলৈ ফুকনে মন কৰিলে। সেই বিষয়ে একোখান ইংৰাজী আৰু বঙ্গলা ভাষাত বিজ্ঞাপন কৰি বঙ্গলা দেশৰ সকলো জজ চাহাবসকললৈ চাঁদাৰ নিমিত্তে ফুকনে পঠালে ৷ জেনকিনচ্ চাহাবে এই বিষয় ফুকনক বৰ সাহায্য কৰিছিল। বলৰাম ফুকনৰ কন্যাটি আগষ্ট মাহতে বিসূচিকা ৰোগত মৃত্যু হল। ফুকনে একেই তেওঁৰ কন্যাটি মৰাত দুখিত তাতে আকৌ এই ঘটনাটিত মৰণান্তিক জ্ঞান কৰিলে।

 মেথী চাহাব গুৱাহাটীৰপৰা কৰ্ম্মৰপৰা অবসৃত হৈ জাহাজত কলিকতালৈ গল ৷ তেওঁ যাবৰ দিনা ফুকন অতিশয় দুখিত হৈছিল। তেওঁৰ দৰে বন্ধুৰ বিচ্ছেদ সহ্য কৰা টান। মেথী চাহাবৰ উৎসাহতে ফুকনৰ সৰ্ব্বপ্ৰকাৰ উন্নতি।

 এইবাৰ গোৱালপাৰাৰপৰা আহিলত কলিকতাৰপৰা নাওত যি বস্তু-বেহানি আৰু ভাগৱত পঠাই দিছিল সেইবিলাক