লিখিলে যে যদি দৈবাৎ বেলেগ হব লগীয়া হয় পূৰ্ব্ববৎ বেলেগ
হব। বলৰাম ফুকনে ইয়াত অনেক আপত্তি কৰিলে। সেইদিনা
এই বিষয়ে বিয়লি দুই বজাৰপৰা ৰাতি আঠবজালৈকে
আলোচনা হয়। শেষত এই বিষয় পৰিত্যাগ কৰা হল। বলৰাম
ফুকনে তাৰ পাচদিনা এইটো প্ৰস্তাব কৰিলে যে অলঙ্কাৰবিলাক
এনেই দিব আৰু টকা এইৰূপে দিব। ১৫০০্ টকা এই
বিষয় মীমাংসা হলে দিব। আৰু ১২৬০, ১২৬১ আৰু ১২৬২
চনত প্ৰতি চনে ১৫০০ হিচাপে দিব। ফুকনে এই বিষয়
সেইদিনা একো নেমাতিলে।
মেথী চাহাব ডিপুটী কমিচনৰ কৰ্ম্মৰপৰা অবসৃত হৈ পল্টনলৈ যাব লগীয়া হল ৷ তেওঁ ফুকনৰ বৰ বন্ধু আছিল, এই জন্যে তেওঁ বৰ দুখিত হৈ চাহাবক কলে যে সকলোৱে চাঁদা কৰি তেওঁৰ এখান প্ৰতিমূৰ্ত্তি লোৱা হওক ৷ এই বিষয় ফুকনৰ যত্ন বিফল হল।
সেই এপ্ৰেল মাহৰ ৩০ তাৰিখে ফুকন গোৱালপাৰালৈ আহিল। লেপ্টেনেণ্ট এগ্নিউ কালেক্টৰ চাহাবে সৈতে আৰু আন আন লোকে সৈতে সাক্ষাৎ কৰিলে। চাহাবে ৰজাক গোৱালপাৰালৈ মাতি পঠালে। কিছুদিনৰ মূৰত ৰজা আহিল। এগ্নিউ চাহাবৰ ইচ্ছা আছিল ৰজা আৰু প্ৰজাৰ মাজত যি বিৰোধ সেইটো মীমাংসা কৰি দিয়ে। চাহাবৰ বঙ্গলাত এদিন মেল হয়, তাতে প্ৰজাবিলাকে নাৰায়ণী যন্ত্ৰি নিৰিখ এৰিবলৈ ৰজাক কলে আৰু এনে এনে প্ৰস্তাৱ কৰিলে যে ৰজা তাত সন্মত হব নোৱাৰে। প্ৰায় ১৫০ মান মুখ্য মুখ্য প্ৰজা তালৈ গৈছিল। ইয়াৰ পাছত সকলোৱে বিৰোধ মীমাংসাৰ আশা পৰিত্যাগ কৰিলে। ৰজাৰ আপীল কলিকতাত বেয়া হোৱাত প্ৰজাবিলাকৰ সাহস বৃদ্ধি হল। ফুকনে তেওঁ নানাবিধ পৰামৰ্শ কৰি আকৌ দৰখাস্ত দিলে আৰু বোৰ্ডৰপৰা যি বিষয়ে কাকত