পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১০৫
 


কোনো সন্ধ্যা জাহাজৰ জালিবোটত কোনো সন্ধ্যা বা বামত ভাত ৰন্ধাই খাইছিল। কলিকতালৈ যাওঁতে তেওঁ এজনা শালগ্ৰাম লগত নিছিল আৰু সদায় পুজা কৰিছিল। বাটত আহোঁতে সময়ে সময়ে অনেক পুথি পাঠ কৰিছিল। বিশেষকৈ কোৰাণৰ ইংৰাজী তৰজমা পঢ়িছিল। জাহাজৰ কাপ্তান মেট আৰু অন্যান্য আৰোহি সকলে সৈতে বৰ আমোদেৰে কথা বাৰ্ত্ত৷ কৈ আহিছিল।

 তাৰ পাচদিনা জেনকিনচ চাহাব প্ৰভৃতিৰে সাক্ষাৎ কৰিলে। আকৌ অনেক লোক তেওঁক চাবলৈ আহিল। সকলোৰে সৈতে তেওঁ বৰ প্ৰীতি আৰু উৎসাহেৰে কথোপকথন কৰিছিল।

 বিজনীৰ বিষয় কমিচনৰ চাহাব সৈতে কথা-বাৰ্ত্তা কৈছিল আৰু জনাব লগীয়৷ কথা লিখি জনাইছিল। ইয়াৰ পূৰ্ব্ব বছৰত বলৰাম ফুকনৰ দ্বিতীয় পত্নী মৃত্যু হৈছে৷ পকাবেজী দুৱৰীয়াৰ নাতি কৃষ্ণকিঙ্কৰ গোস্বামীৰ ভাগীৰথী নামে এটি কন্যা আছে সেইটিৰে বলৰাম ফুকনৰ বিবাহৰ সম্বন্ধ স্থিৰ কৰা হল।

 আনন্দৰাম ফুকন যেতিয়া সৰু আছিল তেতিয়া যজ্ঞৰাম ফুকনে দুইও ঘৰৰ কাৰবাৰ কৰিছিল। সেইবাবে যজ্ঞৰাম ফুকনে আনন্দৰাম ফুকনৰ ভাগৰ নিয়া হিচাবৰ ৬০০০্ হাজাৰ টকা আনন্দৰাম ফুকনক দিব লগীয়া আছিল। এই টকাৰ বিষয় বলৰাম ফুকনে সৈতে কথা-বাৰ্ত্ত৷ হোৱাত বলৰাম ফুকনে ৪ বছৰ কিস্তিবন্দীৰে সেই টকা দিবলৈ সন্মত হৈছিল। আনন্দৰাম ফুকনে এই কৈছিল বোলে সম্প্ৰতি আদখিনি আৰু বাকী টকাখিনি কিস্তিবন্দীৰে দিয়া হওক। এই বিষয় তেতিয়া একো মীমাংসা নহল। ইয়াৰ কিছুমান দিনৰ পাছত ফুকনে বলৰাম ফুকনক এই প্ৰস্তাব কৰিলে যে দুইওগৰাকী আকৌ বস্তু বেহানি সকলোৰে একেলগ হোৱা হওক। ইয়াত ঘৈণী সকলেও বৰ সন্তোষ পালে। পাচে ফুকনে এনে এখান একৰাৰনামা