পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
আনন্দৰাম ঢেকিয়াল
 


নামে এখান ঠাই আছে। তাত সত্যচৰণ ঘোষাল নামে এজনা ৰজা আছিল। তেওঁৰ প্ৰতিষ্ঠিত শিৱালয় আছে। শিৱৰাত্ৰিৰ সময়ত তাত এক প্ৰকাৰ মেলা হয়। ফুকন তালৈকো গৈছিল। সত্যচৰণ ৰজাই তেওঁক বৰ আদৰ কৰিছিল। আৰু কৈছিল বোলে ঘাইজনা ঢেকিয়াল ফুকনে তেওঁক ‘ভাই’ বুলি সম্বোধন কৰিছিল। মতিলাল শীল নামে এজনা বৰ ধনৱন্ত মানুহৰ ঘৰলৈ গৈ ফুকনে ফাকুৱাৰ সময়ত বৰ আমোদ কৰিছিল।

 আনন্দৰাম ফুকনে চুপ্ৰিমকোট সদৰ দেৱানী আৰু নিজামত আদালত, আলিপুৰৰ কাছাৰী, পুলিচ অফিচ, ছোট আদালত প্ৰভৃতিৰ বিচাৰ কাৰ্য্য ভালকৈ চাইছিল। সেই ঠাইৰ ইংৰাজ আৰু দেশীয় প্ৰধান প্ৰধান লোকসকলৰ তালৈ তেওঁ কেতিয়াবা কেতিয়াবা গৈছিল। ৰাজা ৰাধাকান্ত বাহাদুৰ, কালীকৃষ্ণ বাহাদুৰ, দেবেন্দ্ৰনাথ ঠাকুৰ, গোবিন্দচন্দ্ৰ সেন, মাধৱচন্দ্ৰ সেন, শিবদাস দত্ত, আনন্দ দত্ত, প্যাৰিচাঁদ মিত্ৰ, গোপীকৃষ্ণ মিত্ৰ এইসকলৰ তালৈ সময়ে সময়ে গৈছিল। মতিলাল শীল, নগেন্দ্ৰনাথ ঠাকুৰ, ৰামচন্দ্ৰ মিত্ৰ, শ্যামাচৰণ দাস, নবীনচন্দ্ৰ কৰ্ম্ম- কাৰ, সীতানাথ ঘোষ, প্ৰসন্নকুমাৰ ঠাকুৰ এই কেইজনৰ তালৈ সদায় গৈছিল। এইসকলে ফুকনক যথোচিত স্নেহ আৰু আদৰ কৰিছিল।

 তেওঁ সদায় তাৰ গিৰজাবিলাক আৰু ব্ৰাহ্মসমাজৰ উপা- সনা চাবলৈ গৈছিল। একো দিন উপাসনা চাই কি আন কোনো ঘটনা চাই তেওঁ ঈশ্বৰৰ প্ৰতি বৰ কৃতজ্ঞ হৈছিল। কলিকতা মহানগৰত যিবিলাক ডাঙ্গৰ ডাঙ্গৰ ইংৰাজ কি আন মানুহৰ দোকান আছে তালৈকো ফুকন গৈছিল। এদিন তেওঁ এই দোকানত ৬০০০ টকা দামৰ এযোৰ খাৰু দেখিছিল। কলি- কতা ঊষ্ণপ্ৰধান ঠাই, তালৈ আমেৰিকাৰপৰা জাহাজত বৰফ আহে। সেইবিলাক একো ডোখৰ বগা শিলৰ দৰে। কিল্লাৰ