বিয়৷ কৰাইছে। সতি সন্তান হৈছে। তেওঁ ছাপাখানাৰ পণ্ডিত
আছিল। তেওঁৰ সাহায্যতে ডাক্তৰ কেৰি পাত্ৰি চাহাবে প্ৰথমে
অসমীয়াত খ্ৰীষ্টীয়ানৰ বাইবেল শাস্ত্ৰ ছপায়। শ্ৰীৰামপুৰৰপৰা
বাৰাকপুৰ চাবলৈ ফুকন গল। তাত গবৰ্ণৰ চাহাবৰ ঘৰ আৰু
বাগিচা চালে। তাতে জীয়া সিংহ ফুকনে দেখিলে আৰু তেওঁৰ
পুৰণি গুৱাহাটীৰ পৰিচিত ডাক্তৰ ইঙ্কাটে সৈতে ফুকনৰ সাক্ষাৎ
হয়। এদিন আকৌ ফুকনে কলিকতাৰ ওচৰৰ কাশীপুৰৰ কল
চাবলৈ গৈছিল। কলিকতাৰ ওচৰতে ইফালে সিফালে তাৰ
ধনৱন্ত লোকসকলে বাগিচা কৰি থৈছে, তালৈ সেইসকলে
কেতিয়াবা যায়। তাৰ মাজত শ্যাম মল্লিকৰ বাগান নামে ঠাই
অতি মনোৰম। তাক কোনোৱে সাতপুকুৰ বোলে। ফুকন
তালৈকে৷ গৈছিল।
তেওঁৰ বন্ধুসকলৰ মাজত যাৰ ঘৰত যেতিয়া কোনো বিবাহ বা আন উৎসৱ হৈছিল তালৈকো তেওঁ গৈছিল আৰু তাত জলপান খাইছিল। তেওঁৰ বন্ধু শ্যামবাবুৰ জীয়েক বিন্দুৰ তেওঁৰ বন্ধু নবীনচন্দ্ৰ কৰ্ম্মকাৰকৰ ভতিজাকে সৈতে বিবাহ হৈছিল! ফুকন তালৈ গৈছিল। বঙ্গালী লোকৰ বিয়া হলে কন্যাক এটা মুকুট পিন্ধায় আৰু বিয়াৰ ঠাইলৈ আনোতে পীৰা এখানত তুলি উদং মূৰেৰে আনে। কলিকতাৰ বিখ্যাত ধনী আশুতোষ দে বা ছাতুবাবুৰ নাতিয়েকৰ বিয়াতো ফুকন গৈছিল। সেই বিয়াৰ মজলিচ চাবলৈ সদৰ আদালতৰ জজ কোনো কোনো আৰু আন আন ডাঙ্গৰ ইংৰাজ আৰু দেশী লোক অনেক গৈছিল। ফুকনে অকল যে এইবিলাক চাইছিল এনে নহয় তেওঁ মাঘৰ বিহুৰ দিনা গঙ্গা স্নান কৰি তাত সন্ধ্যা তৰ্পণ পুজা কৰিছিল; কালি- ঘাটলৈ গৈ গোসাঁনী চাই অনেক দান কৰিছিল, তাত তেওঁক কুমাৰী আৰু মগনীয়াবিলাকে বৰ বিৰক্ত কৰিছিল। ঘৰতো দৰিদ্ৰ দুখীয়াসকলক ভিক্ষা দিছিল। খিদিৰপুৰত ভূকৈলাশ