পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৯৭
 


এদিন আকৌ ৰামচন্দ্ৰবাবুৱে সৈতে বালি-উত্তৰপাড়ালৈ গৈছিল। ৰেইলৰ বাট তেতিয়া প্ৰস্তুত হব লাগিছে মাত্ৰ। সেই বাটত ইটা ভাঙ্গি ভাঙ্গি পেলাইছে আৰু তাৰ ওপৰত কাঠ পাতিছে। বালি-খালৰপৰা জাহাজ সজা “ডক” চাই এজন ফৰাচী বেপাৰীৰ মদৰ কল চালে। তাৰপৰা ৰাণী ৰাসমণিৰ প্ৰতিষ্ঠিত শিৱমন্দিৰ দেখি বহালৈ আহিল।

 কলিকতাৰ মেডিকেল কলেজত ইউৰোপীয় বৈদ্যশাস্ত্ৰ শিক্ষা দিয়ে। তাৰ তেতিয়া দুই বিভাগ আছিল। ইংৰাজী বিভাগত ইংৰাজী ভাষাৰে শিক্ষা দিয়ে আৰু মিলিটেৰী বা দেশীয় বিভাগত হিন্দুস্থানী ভাষাৰে শিক্ষা দিয়ে। আমাৰ অসম দেশৰ কেইজনমান ছাত্ৰ দেশীয় বিভাগত পঢ়িছিল। বৰপেটাৰ দীলমহম্মদ আৰু কেৰামত আলী, গুৱাহাটীৰ ৰহমত আলী, মজকৰ হুছেন আৰু আজিম হুছেন, শিৱসাগৰৰ ভকতৰাম, তেজপুৰৰ যজ্ঞৰাম, আৰু ডিব্ৰুগড়ৰ শিৱৰাম, আৰু বিদেশী সিংহ। সেই কলেজৰ মিউজিয়মত নানাবিধ আশ্চৰ্য্য আশ্চৰ্য্য ৰোগৰ প্ৰতিমূৰ্ত্তি আৰু আশ্চৰ্য্য বস্তু আছে। ফুকনে এই মিউজিয়মলৈ এদিন গৈছিল। তাত এইবিলাক আশ্চৰ্য্য বস্তু দেখিলে। উট আৰু বাঘৰ আকৃতিৰ এটা মৰা জন্তু। এজনী বুঢ়ীৰ মাংস নাই, ছাল শুকাই গৈছে। বুঢ়ীজনী জীয়াই থকা যেন দেখি। দুটা মূৰৰ গৰু পোৱালি এটা; দুটা মূৰৰ লৰা এটা; একে শৰীৰৰ দুটা লৰা; বৰ ডাঙ্গৰ মূৰৰ লৰা, নীচেই সৰু মূৰৰ লৰা। ঔষধত থোৱা মাংস। ফিৱৰ হাস্পাতাল নামে এটা বৰ ওখ আৰু ডাঙ্গৰ হাস্পাতাল আছে। তাত নৰিয়া মানুহৰ চিকিৎসা হয়। নৰিয়া মানুহবিলাক তাত থাকে। সেইটো ফুকনে চালে। প্ৰথমে বঙ্গালী মানুহে মৰা মানুহ কাটি ডাক্তৰী শিক্ষা নকৰিছিল। মধুসূদন গুপ্ত নামে এজন বঙ্গালী মানুহে প্ৰথমে মৰা মানুহ কাটিছিল, তেওঁৰ প্ৰতি- মূৰ্ত্তি সেই কলেজৰ গেলেৰিত আছে। এইবিলাক আশ্চৰ্য্য বস্তু