পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৯৫
 


মাহত হয়। ফুকন তালৈ গৈছিল। সাধাৰণ নিয়মাৱলী হোৱাৰ পাচত ডাক্তৰ সূৰ্য্যকুমাৰ চক্ৰবৰ্ত্তি নামে এজনে কলিকতাৰ স্বাস্থ্য বিষয়ক এট প্ৰবন্ধ পাঠ কৰে। তাত তেঁও জল, বায়ু, নৰ্দ্দমা ঘৰৰ অৱস্থা ইত্যাদি অনেক কথা লিখে। আৰু দেশীয় লোকে ইউৰোপীয় পৰিচ্ছদ ধাৰণ কৰিবলৈ তেঁও মত দিয়ে। ডাক্তৰ মৌৱাট চাহাব সভাপতি আছিল। তেঁও আৰু আন সভ্য- সকলে এই পৰিচ্ছদৰ বিষয়ে অনেক প্ৰতিবাদ কৰে। এই সমাজৰ অধিবেশন প্ৰতি মাহে কোনো এক বৃহস্পতিবাৰে গধূলি হয়। আনন্দৰাম ফুকন এই সভাৰ এজন সভ্য আছিল। সেই সভাত সেই সময়ত ডাক্তৰ মৌৱাট চাহাব সভাপতি আৰু প্যাৰিচাঁদ মিত্ৰ চেক্ৰেটৰী আছিল। মেজৰ মাৰ্চন, ৰামচন্দ্ৰ মিত্ৰ, ৰামগোপাল ঘোষ প্ৰভৃতি অনেক সভ্য আছিল। ডাক্তৰ মৌৱাট চাহাবে ফুকনক আসামৰ কোনো বিষয় প্ৰবন্ধ লিখিবলৈ অনুৰোধ কৰিছিল।

 কলিকতাত টাউন হল নামে এটা বৰ ডাঙ্গৰ দোতলা ঘৰ আছে। বৰ ডাঙ্গৰ ডাঙ্গৰ সভা হলে সেই টাউন হলত হয়। জানুৱাৰীৰ ১৪ তাৰিখে হিন্দুকলেজ, মাদ্ৰাচাকলেজ, সংস্কৃত কলেজ, প্ৰভৃতি পাঠশালাৰ ছাত্ৰসকলৰ পৰীক্ষাৰ পুৰস্কাৰ হৈছিল। ফুকন তালৈ গৈছিল। সেই সভাত প্ৰতাপ সিংহ, ৰাজা কালি- কৃষ্ণ, কৃষ্ণমোহন বন্দ্যোপাধ্যায়, কুমাৰ জালালুদ্দীন প্ৰভৃতি অনেক দেশীয় আৰু অনেক ইউৰোপীয় লোক গৈছিল। দুপৰীয়া ১২ বজাত বঙ্গদেশৰ ডেপুটী গবৰ্ণৰ তালৈ যায়। পৰীক্ষোত্তীৰ্ণ ছাত্ৰসকলক পুৰস্কাৰ দিয়াৰ পাচত ডেপুটী গবৰ্ণৰ চাহাবে এটী বক্তৃতা দিলে। তাৰ পাচে সভা ভঙ্গ হল। সেই টাউন হল দোতলা। ফুকন ওপৰ তলা চাবলৈ গল। তাত নেপোলিয়ান বোনাপাৰ্ট, ডবলিউ বাৰ্ড, মেং কেমিৰণ, চৰ এডৱাৰ্ড ৰয়েল দ্বাৰকানাথ প্ৰভৃতিৰ প্ৰতিমূৰ্ত্তি আৰু এখান অতি উত্তম শ্ৰী শ্ৰীমতী মহাৰাণীৰ প্ৰতিমূৰ্ত্তি আছে।