তাৰ ছাত্ৰীসকলে ৰুমাল, টুপি প্ৰভৃতি নানাবিধ সুন্দৰ সুন্দৰ বস্তু
প্ৰস্তুত কৰে। সেইসকল কোনো নিৰ্দিষ্ট দিনা কোনো নিৰ্দিষ্ট ঠাইত
উলিওৱা হয়। তালৈ অনেক লোক যায় অনেকে তাক কিনে।
তাৰপৰা যি উৎপন্ন হয় সেই উৎপন্ন সেই স্কুলৰ উপকাৰৰ
অৰ্থে ব্যয় হয়। সেইবাৰ ১৮৫২ চনৰ ১ জানুৱাৰিত সেই
মেল৷ কোম্পানিৰ বাগিচাত হয়। ফুকনে সেই মেলা চাবলৈ
তেওঁৰ শিক্ষক ৰামচন্দ্ৰ মিত্ৰে সৈতে গৈছিল। চাঁদপাল ঘাটৰ
পৰা নাওৰে বাগিচালৈ গল। তাত সৰু সৰু তাম্বুৰ তলত
সেই মেলা হৈছিল। অনেক চাহাব আৰু কিছুমান দেশীয়
ভদ্ৰলোক তালৈ গৈছিল। ৰামচন্দ্ৰ বাবুৱে ফুকনক সেইসকলৰ
অনেকে সৈতে চিনাকি কৰাই দিলে। সেই ঠাইত এটা মদ
খাই মতলীয়া হোৱা মানুহে বৰ বলিয়ালি কৰিছিল। তাৰপৰা
বিচপ কলেজলৈ ফুকন আহিল। তাত গিৰজা আৰু কলেজ
আৰু শিক্ষকবিলাকৰ আৰু ছাত্ৰসকলৰ ঘৰবিলাক চালে। আমাৰ
দেশৰ সিন্দুৰাম দাস নামে এজন লোকে খ্ৰীষ্টান ধৰ্ম্ম লৈ সেই
কলেজত বাস কৰি পঢ়িছিল। তেঁওৰ সৈতে তাতে ফুকনে
সাক্ষাৎ কৰিলে। তাৰপৰা নাওৰে আহি লৰ্ড এলেনবৰা
গবৰ্ণৰ জেনেৰেল চাহাবে গোৱালিয়াৰ যুদ্ধৰ জয় চিৰস্মৰণ কৰি-
বলৈ যি স্তম্ভ নিৰ্ম্মাণ কৰিছিল সেইটো চাই ফুকন থকা
ঠাইলৈ আহিল।
কলিকতাত জাৰকালি প্ৰায় পুৱা ঘোঁৰ-দৌড় হয়। যেইয়ে জিকে পুৰস্কাৰ পায় আৰু আৰিবন্ধা ধন বা বস্তু পায়। সেই ঘোঁৰ-দৌড় কিল্লাৰ পথাৰতে হয়। যিবিলাকে ঘোঁৰা দৌড়ায় সেইসকলে গাত আটি ধৰা পোচাক পিন্ধে। এক নিৰ্দ্দিষ্ট ঠাইৰপৰা আৰু নিৰ্দ্দিষ্ট ঠাইলৈ কেইবাজনো একেলগে ঘোঁৰা ছুটিয়াই যায়। যেয়ে আগ হয় সেয়ে জিকে। তাৰ এটা ঘৰত বহিবলৈ মাচিয়া থাকে। ঘোঁৰদৌড় সমাজৰ