পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
আনন্দৰাম ঢেকিয়াল
 


চেক্ৰেটৰী মেজৰ হেলিডে চাহাবক দিলে আৰু বিজনীৰ বিষয়ে এইৰূপ লিখা আছিল যে গবৰ্ণমেণ্টেই প্ৰজাৰে বন্দোবস্ত কৰি দিয়ক। ফুকনৰ মুখে চেক্ৰেটৰী চাহাবে সকলো কথা শুনি বেঙ্গল গবৰ্ণমেণ্টলৈ ৰজাৰ প্ৰাৰ্থনা পুনৰালোচনাৰ বিষয়ে ইণ্ডিয়া গবৰ্ণমেণ্টৰ আজ্ঞা প্ৰেৰণ কৰে। বেঙ্গল গবৰ্ণমেণ্টত এই বিষয় বিশেষ কোনো কাৰ্য্য নহল কেবল সদৰ বোৰ্ড লৈ পুনৰায় প্ৰস্তাবিত বিষয় আলোচনাৰ নিমিত্তে পঠোৱা হল।

 সদৰ বোৰ্ড ৰেবিনুউত এই বিষয় বৰ আলোচনা হল। ফুকনে বোৰ্ডৰ মেম্বৰ, কৰি চাহাব, গৰ্ডন চাহাব, ওৰিকেটচ চাহাব আৰু চেক্ৰেটৰী বিড্ওয়েল চাহাবৰ আগত ৰজা আৰু প্ৰজাৰ অৱস্থা আৰু ন্যায় পক্ষে গবৰ্ণমেন্টে এই বিষয় হস্তক্ষেপ কৰিব পাৰে বুলি অনেক হেতুবাদ লিখি আৰু মুখেৰে কলে। স্কট চাহাব যেতিয়া কমিচনৰ আছিল তেতিয়াও এইৰূপ ঘটনা হোৱাত পৰগণা বন্দোবস্ত কৰিবলৈ ধৰিছিল। এই কথাকো বোৰ্ডত প্ৰকাশ কৰা হল। বোৰ্ডৰপৰা ফুকনে এই উত্তৰ পালে বোলে চৰকাৰৰপৰা বন্দোবস্ত কৰিব লাগিলে সৰহ দৰমহাৰে এজন চিহ্নিত বা অচিহ্নিত কাৰ্য্যকাৰক লাগিব আৰু অনেক লোক নিযুক্ত কৰিব লাগিব, সৰ্ব্বশুদ্ধ অন্যূন ৫০,০০০ টকা ব্যয় হব, তাৰ দ্বাৰাই যে ৰজাৰ কোনো লাভ হব এইটো কম, এতেকে কমিচনৰ চাহাবলৈ এই বিষয়ে জিজ্ঞাসা কৰা হওক। পাচে বোডৰ পৰা এই ৰূপেই কাৰ্য্য কৰা হল। নিৰ্ভৰসাৰপৰা এক প্ৰকাৰ আশা লৈ আহিল। ফুকনে এই বিষয়ে অনেকবাৰ বোৰ্ড আৰু গবৰ্ণমেণ্টত অনেক দৰখাস্ত দিছিল। বোৰ্ডৰ মেম্বৰ, চেক্ৰেটৰী গবৰ্ণমেণ্টৰ চেক্ৰেটৰী প্ৰভৃতিৰে সৈতে অনেকবাৰ সাক্ষাৎ কৰি অনেক কথাবাৰ্ত্ত৷ হৈছিল। তেওঁ যে কেৱল এই সকল কৰ্ম্মচাৰীৰ আগত ৰজাৰ কথা কৈছিল এনে নহয় আসামদেশৰ অনেক কথা কৈছিল। আৰু সেই চাহাবলোকে